অসম

assam

কংগ্ৰেছৰ ওপৰি বিৰোধী ঐক্যমঞ্চৰ প্ৰথম প্ৰাৰ্থী হিচাপে ডিব্ৰুগড়ত প্ৰক্ষেপিত লুৰীণজ্যোতি গগৈ

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 2:35 PM IST

Updated : Mar 15, 2024, 4:03 PM IST

Lurinjyoti Gogoi : অসম জাতীয় পৰিষদে আয়োজন কৰা সংবাদমেলত বিৰোধী ঐক্যমঞ্চৰ নেতৃত্বৰ ঘোষণা । ডিব্ৰুগড়ত বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ । কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালক দিল্লীৰ কৃতদাস আখ্যা বিধায়ক অখিল গগৈৰ । ডিব্ৰুগড়বাসীক আপোচবিহীন নেতা লুৰীণজ্যোতি গগৈক সমৰ্থন কৰাৰ আহ্বান বিৰোধীৰ ।

বিৰোধী ঐক্যমঞ্চৰ হৈ ডিব্ৰুগড়ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লুৰীণজ্যোতি গগৈয়ে
বিৰোধী ঐক্যমঞ্চৰ হৈ ডিব্ৰুগড়ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লুৰীণজ্যোতি গগৈয়ে

বিৰোধী ঐক্যমঞ্চৰ হৈ ডিব্ৰুগড়ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লুৰীণজ্যোতি গগৈয়ে

গুৱাহাটী, ১৫ মাৰ্চ : ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ । শুকুৰবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি বিৰোধী ঐক্যমঞ্চৰ নেতৃবৰ্গই এই কথা ঘোষণা কৰে । অৱশ্যে বিৰোধী ঐক্যমঞ্চৰ নেতৃত্ব দিয়া কংগ্ৰেছ দলে একমাত্র ডিব্ৰুগড় সমষ্টিটো অজাপক এৰি দিয়াৰ কথা পূৰ্বতেই ঘোষণা কৰিছিল । মাথোঁ আনুষ্ঠানিকতা বাকী আছিল ।

শুকুৰবাৰে বিৰোধী ঐক্যমঞ্চৰ নেতৃবৰ্গই সংবাদমেলযোগে ডিব্ৰুগড় সমষ্টিৰ বাবে লুৰীণজ্যোতি গগৈৰ নামটো ঘোষণা কৰে । অজাপৰ উদ্যোগত আয়োজন কৰা সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে বিৰোধী ঐক্যমঞ্চৰ ফালৰ পৰা এতিয়ালৈকে ১৩ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে । দুই-এদিনৰ ভিতৰতে বাকী থকা লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ'ব ।

কংগ্ৰেছ দলে সদায়ে জাতীয় আঞ্চলিকতাবাদী ধাৰাটোক সন্মান কৰি আহিছে বুলি সদৰী কৰি তেওঁ কংগ্ৰেছৰ লগত থাকি আঞ্চলিক দলসমূহ শক্তিশালী হোৱাৰ দিশটো সদৰী কৰে । তেওঁ কয় যে দলৰ তৃণমূল পৰ্যায়ত কিছু অসন্তুষ্টি থাকিলেও কংগ্ৰেছ দলে ডিব্ৰুগড় সমষ্টিৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে লুৰীণজ্যোতি গগৈৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে । সংবাদমেলত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে কয় যে বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা সকলো দলৰ সন্মতিক্ৰমে ডিব্ৰুগড় সমষ্টিৰ বাবে লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ।

আন সমষ্টিৰ ক্ষেত্রত মতানৈক্য থাকিলেও কিন্তু ডিব্ৰুগড় সমষ্টিৰ পৰা লুৰীণজ্যোতি গগৈক নিৰ্বাচনত অৱতীৰ্ণ কৰোৱাৰ ক্ষেত্রত কাৰো সামান্যতমো মতানৈক্য নাই । ১৬টা দলে লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰা বুলি সদৰী কৰি তেওঁ কয় যে লুৰীণজ্যোতি গগৈক ডিব্ৰুগড়ৰ ৰাইজে জয়ী কৰাব বুলি আমি ১৬ টা দলে আশা প্ৰকাশ কৰোঁ । তেওঁ লগতে কয় যে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈক ৰাইজৰ দলে ৰাইজৰ দলৰ প্ৰাৰ্থী বুলিয়ে ভাবে । তেওঁ ৰাইজৰ দলৰ কৰ্মীসকলক লুৰীণজ্যোতি গগৈৰ হৈ কাইলৈৰ পৰাই প্ৰচাৰ অভিযান চলোৱাৰ বাবে আহ্বান জনায় ।

ডিব্ৰুগড়ক 'কা'-বিৰোধী আন্দোলনৰ মূল হাব বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপি চৰকাৰে জাপি দিয়া 'কা'ৰ বিৰুদ্ধে আছুৰ এৰি ৰাজনৈতিক সংগ্ৰামলৈ অহা আপোচবিহীন জাতীয় নেতা লুৰীণজ্যোতি গগৈক ডিব্ৰুগড়ৰ ৰাইজে নিশ্চয় সমৰ্থন আগবঢ়াব । যদি ডিব্ৰুগড়ৰ ৰাইজে লুৰীণজ্যোতি গগৈক জয়ী নকৰায়, তেন্তে বুজিবলৈ বাকী নাথাকিব যে অসমীয়া জাতিটোৰ ক'ৰবাত কিবা গণ্ডগোল হৈছে । তেওঁ ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালক কঠোৰ ভাষাৰে সমালোচনা কৰে । তেওঁ সৰ্বানন্দ সোণোৱালক দিল্লীৰ কৃতদাস আখ্যা দিয়ে ।

সংবাদমেলত সাংসদ অজিত কুমাৰ ভূঞা, অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাকে ধৰি বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰ দলসমূহৰ নেতৃত্ব উপস্থিত থাকে ।

লগতে পঢ়ক :দুলু আহমেদলৈ কাৰণ দৰ্শোৱাৰ জাননী, সকলো ঠিকেই আছে নে অজাপৰ ভিতৰচ’ৰাত ?

Last Updated : Mar 15, 2024, 4:03 PM IST

ABOUT THE AUTHOR

...view details