অসম

assam

কঠোৰ সংগ্ৰামৰ মাজেৰে পৰিয়ালৰ মাজত হাঁহি বিয়পালে গুড়িয়াই - Assam HS Result 2024

By ETV Bharat Assamese Team

Published : May 13, 2024, 10:58 PM IST

Assam HS Result 2024: মনত অদম্য ইচ্ছাশক্তি থাকিলে কোনো বাধায়েই ৰোধিব নোৱাৰে । তাকেই যেন পুনৰ প্ৰমাণ কৰিলে কলিয়াবৰৰ এগৰাকী ছাত্ৰীয়ে । কঠোৰ সংগ্ৰামৰ মাজতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ল এগৰাকী ছাত্ৰী । পিছে কিয় এই ছাত্ৰীগৰাকী চৰ্চাৰ বিষয় ।

Gudiya, who studied driving an e-rickshaw, passed the higher secondary final examination
কঠোৰ সংগ্ৰামৰ মাজেৰে পৰিয়ালৰ মাজত হাঁহি বিয়পালে গুড়ীয়াই (ETV Bharat Assam)

কঠোৰ সংগ্ৰামৰ মাজেৰে পৰিয়ালৰ মাজত হাঁহি বিয়পালে গুড়িয়াই (ETV Bharat Assam)

কলিয়াবৰ, ১৩ মে':ই-ৰিক্সা চলোৱা ছোৱালীজনী এতিয়া কলেজলৈ যাব । সপোনবোৰ সঁচা হ'ব । সংগ্ৰামবোৰ বাঢ়ি গ'লেও সপোনে পোখা মেলিব । কেতিয়াবা কিছুমান ফলাফল খুব ভাল নহ'লেও আনন্দৰ বতৰা কঢ়িয়াই আনে । যদি সংগ্ৰামপূৰ্ণ জীৱনৰ মাজেৰে সফলতা অৰ্জন কৰা হয় তেতিয়া সেই আনন্দ আৰু অধিক সুকীয়া হয় । কলিয়াবৰৰ গুড়িয়া চাহু । এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে গুড়িয়া ।

বহুত বেছি নম্বৰ পাই উত্তীৰ্ণ হোৱা নাই গুড়িয়া ৷ তথাপিও আনন্দিত গুড়িয়াৰ চুবুৰীয়া ৷ কিয়নো, আন বহু শিক্ষাৰ্থীতকৈ পৃথক এই ফলাফল । গুড়িয়াৰ কাহিনী সংঘৰ্ষৰে ভৰা কিন্তু প্ৰেৰণাদায়ক । কিয়নো, কঠোৰ প্ৰত্যাহ্বান নেওচি জীৱন সংগ্ৰামত ব্ৰতী হৈছিল কলিয়াবৰৰ এইগৰাকী ছাত্ৰী । সমনীয়া সকলৰ দৰে স্বাচ্ছ্যন্দৰে ভৰা নহয় গুড়িয়াৰ জীৱন ৷ কঠোৰ প্ৰত্যাহ্বান নেওচি জীৱন সংগ্ৰামত ব্ৰতী কলিয়াবৰৰ এইগৰাকী ছাত্ৰী ।

ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ সম্বল হৈয়ো পঢ়া-শুনা অব্যাহত ৰাখি এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল গুড়িয়া । ই-ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়াৰ লগতে নিজৰ পঢ়াৰ খৰচো উলিয়াইছিল গুড়িয়াই । মাতৃয়ে সাঁচতীয়া ধনৰে ক্ৰয় কৰি দিছিল ই-ৰিক্সাখনখন ৷ সেই ই-ৰিক্সাখন চলায়েই জীৱন সংগ্ৰামত ব্ৰতী জখলাবন্ধাৰ চিকণী বৰহোলাৰ জনাৰ্দন চাহু আৰু মঞ্জু চাহুৰ জীয়ৰী গুড়িয়া ।

টকা-পইচা, পৰ্যাপ্ত সা-সুবিধাৰ অভাৱ তথা বহু প্ৰত্যাহ্বানৰ মাজেৰেই জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে গুড়িয়া চাহু । স্নাতক শাখাত নামভৰ্তি কৰিবলৈ ইচ্ছা থকা স্বত্বেও আৰ্থিক অৱস্থাটোৱে এতিয়া চিন্তাত পেলাইছে গুড়িয়াৰ লগতে পৰিয়ালটোক । সংঘৰ্ষময় জীৱনৰ মাজতে গুড়িয়ালৈ আহিছে কিছু আশাৰ বতৰা ৷ গুড়িয়াৰ উচ্চ শিক্ষাৰ হেপাঁহ পূৰ্ণ কৰিবলৈ কেবাগৰাকী সুহৃদ ব্যক্তি আগবাঢ়ি আহিছে বুলি জানিব পৰা গৈছে । গুড়িয়াৰ এই যাত্ৰা সফল হওক, তাৰেই কামনা শুভাকাংক্ষীসকলৰ ।

আৰু ভাললগা কথা যে, গুড়িয়া কলিয়াবৰৰ এগৰাকী সফল খেলুৱৈও । খেল মহাৰণৰ এথলেটিক্‌চ প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল এইগৰাকী দৃঢ়মনা শিক্ষাৰ্থীয়ে ৷ নগাঁও জিলাৰে এগৰাকী সুদক্ষ খেলুৱৈ হিচাপে পৰিচিত গুড়িয়াই ৰাজ্যৰ বহু এথলেটিক্‌চ প্ৰতিযোগিতাত প্ৰতিযোগিতাত ইতিমধ্যে অংশগ্ৰহণ কৰিছে । এতিয়া শিক্ষাৰ ক্ষেত্ৰতো আগুৱাই যাওক তাই ,সেয়াই সকলো শুভাকাংক্ষীৰ

লগতে পঢ়ক:দৰিদ্ৰতা নেওচি বৈষ্ণৱী হেমৰম জিলিকিল উচ্চতৰ মাধ্যমিক পৰীক্ষাত - Assam HS Result 2024

দৰিদ্ৰতা নেওচি জিলিকিল বিহালীৰ টেলেঙনীয়া গাঁৱৰ লক্ষ্যমণি - Assam HS Result 2024

ABOUT THE AUTHOR

...view details