অসম

assam

বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ক

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 9:56 PM IST

Dibrugarh University: নাহৰৰ দেশলৈ আহিছে এটি ভাল খবৰ ৷ বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণ হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয় ৷ কেন্দ্ৰীয় চৰকাৰে ১০০ কোটি টকাৰ অনুদান প্ৰদান কৰিব বিশ্ববিদ্যালয়খনক ।

Dibrugarh University
Dibrugarh University upgradation

ডিব্ৰুগড় বিশ্ববিদ্যালয়ক উন্নীতকৰণ

ডিব্ৰুগড়, 19 ফেব্ৰুৱাৰী: উজনি অসমৰ বৌদ্ধিক তথা উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয় । দেশৰ আন আন ৰাজ্যৰ লগতে বহু বিদেশী ৰাষ্ট্ৰৰ ছাত্ৰ-ছাত্ৰীয়েও ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিভিন্ন বিষয়ত অধ্যয়ন কৰি আহিছে । সুস্থ সমাজ আৰু মানৱ সম্পদ গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে । ১৯৬৫ চনত প্ৰতিষ্ঠা লাভ কৰা কৰা বিশ্ববিদ্যালয়খনলৈ শেহতীয়াকৈ আহিছে এটা সুখবৰ ।

কেন্দ্ৰীয় চৰকাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উন্নীত কৰিছে । যি খবৰে এতিয়া অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনলৈ আনন্দ কঢ়িয়াই আনিছে । নতুন শিক্ষানীতিৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান (পিএম-ইউএছএইচএ)ৰ অধীনত প্ৰকল্প অনুমোদন ব’ৰ্ডে (পিএবি) ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় (এমইআৰইউ) হিচাপে উন্নীত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

এই খবৰ ৰাজহুৱা হোৱাৰ পাচতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ- ছাত্ৰীসকল উৎফুল্লিত তথা আনন্দিত হৈ পৰিছে । প্ৰায় ৩২ টা শৈক্ষিক বিভাগ থকা বিদ্যালয়খনত বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উন্নীত কৰাত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক ধন্যবাদ জ্ঞাপন কৰিছে বিশ্ববিদ্যালয়ক উপাচাৰ্য ড৹ জিতেন হাজৰিকাই ।

উল্লেখ্য যে, প্ৰাৰম্ভিক অৱস্থাত কেৱল পদাৰ্থ বিজ্ঞান বিভাগত নতুন শিক্ষানীতি কাৰ্যকৰী কৰা হৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৷ কিন্তু এতিয়া বাকীসমূহ বিভাগতো নতুন শিক্ষানীতি কাৰ্যকৰী কৰা হ’ব বুলি উপাচাৰ্যই জনায় ৷ বিশ্ববিদ্যালয়খন বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উন্নীত হোৱাৰ পাচতে ১০০ কোটি টকাৰ অনুদান কেন্দ্ৰীয় চৰকাৰ প্ৰদান কৰিব । এই পুঁজিৰে শ্ৰেণীকোঠা নিৰ্মাণ কৰিব বুলিও জানিবলৈ দিছে উপাচাৰ্যগৰাকীয়ে ।

লগতে পঢ়ক:চেলা পাছৰ সুৰংগৰ ভিতৰত অংকিত অৰুণাচল প্ৰদেশৰ সংস্কৃতিৰ চিহ্ন, সন্মুখত বুদ্ধৰ প্ৰতিমূৰ্তি

ABOUT THE AUTHOR

...view details