অসম

assam

লখিমপুৰত ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 6:12 PM IST

Dibrugarh University Youth Festival : লখিমপুৰ নগৰৰ সমীপৰ লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত সোমবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ । এই মহোৎসৱত ৰাজ্যৰ ৭২ খন মহাবিদ্যালয়ে অংশগ্রহণ কৰিছে ।

এল টি কে কলেজত যুৱ মহোৎসৱ
এল টি কে কলেজত যুৱ মহোৎসৱ

লখিমপুৰত ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ

লখিমপুৰ, ২৩ জানুৱাৰী :লখিমপুৰৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত সোমবাৰৰ পৰা এক উৎসৱমুখৰ পৰিৱেশত আৰম্ভ হৈছে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ । এই উপলক্ষে বর্ণাঢ্য উদ্বোধনী অনুষ্ঠানত সমবেত হয় লুইতৰ দুয়োপাৰৰ ৭২ খন মহাবিদ্যালয়ৰ ১৬০০-ৰো অধিক শিক্ষার্থী ।

এল টি কে মহাবিদ্যালয়ৰ অন্যতম প্রতিষ্ঠাতা ইন্দ্রেশ্বৰ শৰ্মাৰ নাতি তথা মহাবিদ্যালয়খনৰ প্রাক্তন ছাত্র জয়ন্ত খাউণ্ডে মূল মঞ্চ উদ্বোধন কৰাৰ পিছতে লখিমপুৰৰ সাংসদ প্রদান বৰুৱাই সভাখন উদ্বোধন কৰে । অনুষ্ঠানত যুৱ মহোৎসৱৰ উদযাপন সমিতিৰ সভাপতি ডঃ অমিয়া ৰাজবংশীয়ে বন্তি প্রজ্জ্বলন কৰে । বিশিষ্ট অতিথি হিচাপে লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকায়ো উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰে ।

অনুষ্ঠানত আয়োজক সমিতিৰ সম্পাদক তথা এল টি কে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বুবুল কুমাৰ শইকীয়াই আদৰণী ভাষণ প্ৰদান কৰে । ভাষণ প্ৰসংগত তেওঁ মহাবিদ্যালয়খনৰ বাকৰিত অনুষ্ঠিত যুৱ মহোৎসৱলৈ অহা প্রতিগৰাকীকে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে নিজ প্রতিভা বিকাশৰ বাবে আহবান জনায় ।

উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱালে এইবাৰ ৰেকর্ড সংখ্যক ৭২ খন মহাবিদ্যালয়ে এই যুৱ মহোৎসৱত অংশগ্রহণ কৰা বুলি সদৰী কৰে । অনুষ্ঠানত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ডঃ সুৰজিৎ বৰকটকী, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঞিবৰুৱা, অসম অধ্যক্ষ পৰিষদৰ সভাপতি ডঃ সৌমাৰজ্যোতি মহন্ত আদিয়ে অংশগ্রহণ কৰে ।

উদ্বোধনী অনুষ্ঠানতে যুৱ মহোৎসৱ উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থ 'উদিত আজাদ' উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱালে । স্মৃতিগ্রন্থৰ সম্পাদক ডঃ ৰণদ্বীপ বড়াই উন্মোচনী অনুষ্ঠানটোৰ আঁত ধৰে । উদ্বোধনী অনুষ্ঠানতে যুৱ মহোৎসৱলৈ বিভিন্ন প্রকাৰে সহায়-সহযোগ কৰা তথা আর্থিক বৰঙণি আগবঢ়োৱা ফেডাৰেল বেংক, গুৱাহাটীৰ জ্যেষ্ঠ প্রবন্ধক অভিনৱ ভাৰতী আৰু বিষয়া আদিত্য য়ামিন, ক্ষীৰদা কাকতি, ৰাজেন্দ্র কুমাৰ বৰা, প্রফুল্ল নাথ, ৰূপ ফুকন, দিগন্ত কুমাৰ শইকীয়া, শৰৎ নাথ আদিক সম্বর্ধনা জনোৱা হয় ।

সামগ্রিকভাৱে সমগ্র উদ্বোধনী অনুষ্ঠানটো আঁত ধৰে অন্যতম সম্পাদক ডঃ ভাস্কৰজিৎ বৰাই । উদ্বোধনী অনুষ্ঠানটো সঞ্চালনা কৰে উদযাপন সমিতিৰ সভাপতি ডঃ অমিয়া ৰাজবংশীয়ে । ভাষণত তেওঁ যুৱ মহোৎসৱ প্রতিভা বিকাশ, উপভোগৰ অনুষ্ঠান বুলি উল্লেখ কৰে । উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ডঃ বুবুল কুমাৰ শইকীয়াই ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰে পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱালে । আনহাতে, সাংস্কৃতিক বিভাগৰ পতাকা উত্তোলন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক সমন্বয়ক ডঃ সুৰজিৎ বৰকটকীয়ে । পুৱা ৯ বজাত স্মৃতি তর্পণ কৰে পৰিচালনা সমিতিৰ সভাপতি ডঃ অমিয়া ৰাজবংশীয়ে । গ্রন্থ বিপণি উন্মোচন কৰে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ মুকুন্দ ৰাজবংশীয়ে ।

এই মহোৎসৱৰ মঙলবাৰ আৰু বুধবাৰৰ দিন দুটাত নাটককে ধৰি বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাৰ পাছত অন্তিমদিনা মুকলি সভা, বঁটা বিতৰণী সভা, শোভাযাত্রা আদি কাৰ্যসূচী অনুষ্ঠিত হ'ব । মহোৎসৱ উপলক্ষে এল টি কে কলেজৰ বাকৰিত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :ভাৰত জোড়ো ন্যায় যাত্রা : ৰণক্ষেত্রলৈ পৰিণত খানাপাৰা, আহত বহুজন

ABOUT THE AUTHOR

...view details