অসম

assam

দেৰগাঁৱৰ বালিজানত সংঘটিত হোৱা বাছ দুৰ্ঘটনাৰ তদন্ত তীব্ৰতৰ আৰক্ষীৰ

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 5:14 PM IST

Dergaon Bus accident : গোলাঘাট জিলাৰ দেৰগাঁৱত সংঘটিত শিহৰণকাৰী পথ দুৰ্ঘটনাৰ সন্দৰ্ভত তীব্ৰতৰ হৈছে তদন্ত ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে অতি শীঘ্ৰেই পোহৰলৈ আহিব এই দু্ৰ্ঘটনাৰ প্ৰকৃত কাৰণ ৷

Dergaon Bus accident
দেৰগাঁৱৰ বালিজানত সংঘটিত হোৱা বাছ দুৰ্ঘটনাৰ তদন্ত তীব্ৰতৰ আৰক্ষীৰ

দেৰগাঁৱৰ বালিজানত সংঘটিত হোৱা বাছ দুৰ্ঘটনাৰ তদন্ত তীব্ৰতৰ আৰক্ষীৰ

গোলাঘাট, 7 ফেব্ৰুৱাৰী : চলিত বছৰটোৰ আৰম্ভণিতেই ৰাজ্যত সংঘটিত হৈছিল এটা অনাকাংক্ষিত ঘটনা ৷ এটা শিহৰণকাৰী পথ দুৰ্ঘটনা এটাই কাঢ়ি লৈ গ’ল 12 গৰাকীকৈ লোকৰ জীৱন ৷ গোলাঘাট জিলাৰ দেৰগাঁৱত সংঘটিত হৈছিল এই ঘটনা ৷ কয়লাভৰ্তি ট্ৰাক আৰু এখন পিকনিকলৈ বুলি পুৱাই ওলাই যোৱা বাছৰ মাজত সংঘটিত হৈছিল মুখামুখি সংঘৰ্ষ ৷ একেদিনাই জ্বলিছিল 11 খনকৈ চিতা ৷

যোৱা ৩ জানুৱাৰীত পুৱা কমাৰ বন্ধা বছা ভৰলোৱাৰ পৰা তিনিচুকীয়াৰ টিলিঙা মন্দিৰৰ ফালে পিকনিক খাবলৈ বুলি গৈ থকা অৱস্থাত এখন আল্ট্ৰা বাছ আৰু এখন কয়লাভৰ্তি ট্ৰাকৰ মাজত দেৰগাঁৱত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত বছা ভৰলোৱা গাঁৱৰ 12 গৰাকীকৈ লোকৰ একেলগে মৃত্যু হৈছিল আৰু আহত হৈছিল বহু কেইজন লোক ।

সেই সময়ত অভিযোগ উত্থাপিত হৈছিল চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী কোম্পানীৰ ওপৰত । নিম্নমানৰ কাম আৰু উপযুক্ত সাংকেটিত চিহ্ন সম্বলিত চাইন ব'ৰ্ডৰ বিসংগতিৰ বাবেই সেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। ইয়াৰ পিচতে আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত ৷ এতিয়া ইতিমধ্যেই সম্পূৰ্ণ কৰাৰ পথত আগবাঢ়িছে দুৰ্ঘটনাৰ তদন্ত।

বুধবাৰে পথ নিৰ্মাণকাৰী সংস্থা RIPL আৰু Ganapati Builders ৰ চাৰিজনকৈ বিষয়া অমৰিন্দৰ সিং, চিৱাইন সিং, হংসৰাজ শৰ্মা আৰু ওমপ্ৰকাশ শৰ্মা আৰক্ষীৰ তলবত দেৰগাঁও থানাত উপস্থিত হয় । গোলাঘাটৰ উপ আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দাসে তদন্তৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা বালিজানৰ অঞ্চলটোলৈ লৈ যায় দলটোক।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে অতি শীঘ্ৰেই পোহৰলৈ আহিব এই দু্ৰ্ঘটনাৰ প্ৰকৃত কাৰণ ৷ আনহাতে কোম্পানী দুটাৰ বিষয়ববীয়াই চাৰিলেনযুক্ত পথৰ বিসংগতিৰো যি অভিযোগ উত্থাপিত হৈছিল, সেয়াও অস্বীকাৰ কৰে ।

লগতে পঢ়ক:দেৰগাঁৱত দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নাই বীমা-ফিটনেছ প্ৰমাণপত্ৰ

ABOUT THE AUTHOR

...view details