দেৰগাঁৱত দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নাই বীমা-ফিটনেছ প্ৰমাণপত্ৰ

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 7:56 PM IST

thumbnail

নগাঁও, 3 জানুৱাৰী: বুধবাৰে পুৱাই দেৰগাঁৱত সংঘটিত হ’ল এক কৰুণ ঘটনা ৷ ট্ৰাক আৰু বনভোজকাৰী দলৰ বাছৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত প্ৰাণ হেৰুৱালে 13 গৰাকীয়ে ৷

এখন কয়লাভৰ্তি ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হোৱা AS 02 AC 5083 নম্বৰৰ বাছখনৰ নাছিল কোনো বৈধ নথি-পত্ৰ ৷ ফিটনেছ প্ৰমাণপত্ৰৰ লগতে বাছখনৰ বীমাৰ ম্যাদো বহুমাহ পূৰ্বেই ওকলি গৈছিল ৷ ফলত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচত মূৰে-কঁপালে হাত দিছে বাছখনৰ পূৰ্বৰ মালিকে ৷

উল্লেখ্য যে দুৰ্ঘটনাগ্ৰস্ত হোৱা আলট্ৰা বাছখন আছিল নগাঁৱৰ নৱজ্যোতি ভৰদ্বাজ নামৰ এজন যুৱকৰ । নৱজ্যোতিৰ ঘৰ নগাঁও জিলাৰ কাষৰি গাঁৱত । ২০১৮ চনত নৱজ্যোতিয়ে আলট্ৰা বাছখন দেৰগাঁৱৰ বিপিন দত্ত নামৰ লোকজনক বিক্ৰী কৰিছিল ।

বাছখন ক্ৰয় কৰাৰ বাবে নৱজ্যোতিয়ে লোৱা বেংকৰ ঋণ পৰিশোধ সম্পূৰ্ণ নোহোৱাৰ বাবে নৱজ্যোতি ভৰদ্বাজৰ পৰা বিপিন দত্তৰ নামলৈ হস্তান্তৰ হোৱা নাছিল । বাৰম্বাৰ নৱজ্যোতিয়ে বিপিন দত্তক অনুৰোধ কৰিছিল বাছখনৰ নথি-পত্ৰসমূহ ঠিক কৰাৰ বাবে ৷ তথাপিও বিপিন দত্তই কামসমূহ কৰা নাছিল বুলি জনাইছে নৱজ্যোতি ভৰদ্বাজে ৷

লগতে পঢ়ক: নিজৰ ট্ৰাকখনেই কাল হ'ল অভয়াপুৰীৰ নুৰ আলমৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.