অসম

assam

নিৰ্মাণ শ্ৰমিক কল্যাণ আইন অনুসৰি প্ৰাপ্য অধিকাৰৰ দাবীক লৈ বিক্ষোভ

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 4:38 PM IST

Protest in Guwahati :পঞ্জীয়নভুক্ত শ্রমিকসকলৰ বাবে গ্রহণ কৰা আঁচনি অনুসৰি নির্মাণ শ্রমিকসকলক দিব লগা হিতলাভ সময়মতে আদায় দিয়া নাই কল্যাণ পৰিষদে । এই অভিযোগ উত্থাপন কৰিছে সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে ।

Protest in Guwahati
সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন

সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন

গুৱাহাটী, ২৯ জানুৱাৰী: নিৰ্মাণ শ্ৰমিক কল্যাণ আইন অনুসৰি পাব লগা প্ৰাপ্য অধিকাৰৰ দাবীক লৈ আজি মহানগৰীত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ কামৰূপ মহানগৰ জিলাৰ উদ্যোগত সোমবাৰে উলুবাৰীস্থিত শ্ৰম ভৱনত এই বিক্ষোভ প্ৰদৰ্শন কৰে প্ৰতিবাদকাৰীসকলে । বিক্ষোভ প্ৰদৰ্শন কৰি সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ সাধাৰণ সম্পাদক মদন তালুকদাৰে কল্যাণ পৰিষদৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।

এই সন্দৰ্ভত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ সাধাৰণ সম্পাদক মদন তালুকদাৰে কয়," পঞ্জীয়নভুক্ত শ্রমিকসকলৰ বাবে গ্রহণ কৰা আঁচনি অনুসৰি নির্মাণ শ্রমিকসকলক দিব লগা হিতলাভ সময়মতে কল্যাণ পৰিষদে আদায় দিয়া নাই । বর্তমানে কেইবাটাও শিতানৰ ধন শ্রমিকসকলে পাবলৈ বাকী আছে । ইপিনে, দীর্ঘদিন ধৰি আবেদন কৰি কোনো হিতলাভ আদায় নোপোবাত নির্মাণ শ্রমিকসকল হতাশ হৈ পৰিছে ।" তেওঁ পুনৰ কয় যে ২০২২ চনলৈকে নির্মাণ শ্রমিক সকলে গাঠিৰ ধন খৰচ কৰি স্বাস্থ্য পৰীক্ষাৰ আবেদন কৰিছিল । কিন্তু চলিত বছৰত উক্ত হিতলাভ বন্ধৰ ঘোষণা কৰা হৈছে ।

অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ সাধাৰণ সম্পাদক গৰাকীয়ে পুনৰ কয় যে বিভিন্ন ঠাইত পেঞ্চনধাৰী নির্মাণ শ্রমিকসকলে পেঞ্চনৰ টকা আদায় নোপোৱাত চকুলো টুকিছে । এই কথা বাৰে বাৰে অসম গৃহ আৰু অন্যান্য নির্মাণ শ্রমিক কল্যাণ পৰিষদক জনাই অহা হৈছে যদিও আজিকোপতি বিভাগে একো ব্যবস্থা গ্রহণ কৰা নাই । অতি পৰিতাপৰ বিষয় যে পঞ্জীয়নভুক্ত শ্রমিকসকলে প্রাপ্য সাহায্যৰ বাবে আবেদন কৰি দীর্ঘদিন অপেক্ষা কৰিও সাহায্য আদায় নোপোৱাত হতাশ হৈ পৰিছে । উপাইহীন হৈ জিলাখনৰ পঞ্জীয়নভুক্ত শ্রমিকসকলে আজি নিজাববীয়াকৈ দৰ্খাস্তৰ জৰিয়তে পুনৰ বিভাগক অৱগত কৰিছে ।

সেয়েহে কোনো অজুহাত নাৰাখি অতি শীঘ্রে নির্মাণ শ্রমিকসকলে পেঞ্চনকে ধৰি পাবলগা হিতলাভবোৰ আদায় দিয়া আৰু পূৰ্বৰ বছৰ কেইটাৰ অনাদায়ী স্বাস্থ্য পৰীক্ষাৰ ধন আদায় দিবলৈ সদৌ অসম নির্মাণ শ্রমিক ইউনিয়নৰ কামৰূপ মহানগৰ জিলা কমিটীয়ে দাবী জনাইছে ।

লগতে পঢ়ক:সংযুক্ত নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদত উত্তাল লখিমপুৰৰ শ্ৰম বিষয়াৰ কাৰ্যালয়

ABOUT THE AUTHOR

...view details