অসম

assam

শিলসাঁকোত পুনৰ প্ৰশাসনৰ বুলড’জাৰ

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 10:15 PM IST

Silsako Eviction Drive: পুনৰ শিলসাঁকোত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ নিতুল লহকৰ, ৰুবুল লহকৰ, সৰলা পাটগিৰিৰ বাসগৃহ উচ্ছেদ প্ৰশাসনৰ ৷

Silsako Eviction Drive
শিলসাঁকোত পুনৰ প্ৰশাসনৰ বুলড’জাৰ

শিলসাঁকোত পুনৰ প্ৰশাসনৰ বুলড’জাৰ

গুৱাহাটী, ২১ ফেব্ৰুৱাৰী: ভুতৰ ওপৰত দানহ পৰাদি পুনৰ শিলসাঁকোত প্ৰশাসনৰ বুলড’জাৰ ৷ শিলসাঁকোৰ পাথৰকুৱেৰীৰ মেগজিনৰ বিষ্ণু নগৰত প্ৰশাসনে বুধবাৰে উচ্ছেদ অভিযান আৰম্ভ কৰে । GMDA, জিলা প্ৰশাসনে উচ্ছেদ চলাই তিনিটাকৈ বাসগৃহ ইতিমধ্যে ভাঙিছে বুলি জানিব পৰা গৈছে । নিতুল লহকৰ, ৰুবুল লহকৰ, সৰলা পাটগিৰিৰ বাসগৃহ উচ্ছেদ কৰা হৈছে ।

বিগত এবছৰ ধৰি উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবীত শিলসাঁকোৰ উচ্ছেদিত ৰাইজে চচলত অব্যাহত ৰখা অনির্দিষ্টকালীন প্ৰতিবাদী কাৰ্যসূচীৰ মাজতেই পুনৰ কামৰূপ মহানগৰ জিলা প্ৰশাসনে শিলসাঁকোৰ পাৰত উচ্ছেদ অভিযান চলোৱাত কান্দোনত ভাগি পৰিছে দুৰ্ভগীয়া পৰিয়ালকেইটা ৷ মহানগৰ আৰক্ষী, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত পাথৰকুৱেৰী, মেগজিনৰ সমীপৰ বিষ্ণুনগৰত কেইবাখনো এক্সেকেভেটৰৰ সহায়ত শিলসাঁকোৰ বুকুত দীৰ্ঘদিন ধৰি বসবাস কৰি অহা তিনিটা পৰিয়ালৰ তিনিটাকৈ অসম আৰ্হিৰ পকীঘৰ ভাঙি পেলায় ৷

উল্লেখ্য যে, বিগত বৰ্ষত শিলসাঁকো পাৰত বসবাস কৰা এই তিনিটা উচ্ছেদিত পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ত উচ্ছেদৰ বিৰুদ্ধে গোচৰ তৰিছিল । এই গোচৰ সংক্ৰান্তত আদালতে স্থাগিতাদেশ জাৰি কৰিছিল যদিও আদালতে পুনৰ প্ৰশাসনৰ সপেক্ষে ৰায় দান কৰাত জিলা প্ৰশাসনে পুনৰ উচ্ছেদ অভিযান চলাই। চৰকাৰৰ বুলড’জাৰে এনেদৰে ঘৰকেইটা ভাঙি ধংসস্তুপত পৰিণত কৰাত উচ্ছেদিত লোকসকল এতিয়া ক’লৈ যাব, কি কৰিব তাক লৈ নিৰূপায় হৈ পৰিছে ৷

লক্ষণীয় যে, বিগত বৰ্ষতো ফেব্ৰুৱাৰী মাহত উচ্ছেদ অভিযান চলিছিল শিলসাঁকোত । ইয়াৰ পিছতেই উচ্ছেদিত লোকসকলে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছিল। উচ্ছেদিত প্ৰতিটো থলুৱা পৰিয়ালক পুনৰ সংস্থাপন-ক্ষতিপূৰণ দিয়া, বহিৰাগতক নহয়, থলুৱাক মাটি দিয়ক আদি শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তুলিছিল।

লগতে পঢ়ক:Silsako Eviction Drive: শিলসাঁকোৰ উচ্ছেদিতৰ চকুত চকুপানী; দ্বিতীয় দিনাও প্ৰায় শতাধিক ঘৰ উচ্ছেদ

ABOUT THE AUTHOR

...view details