ETV Bharat / state

Silsako Eviction Drive: শিলসাঁকোৰ উচ্ছেদিতৰ চকুত চকুপানী; দ্বিতীয় দিনাও প্ৰায় শতাধিক ঘৰ উচ্ছেদ

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 9:29 PM IST

দ্বিতীয় দিনাও শিলসাঁকোত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ উচ্ছেদ অভিযানৰ বাবে পুৱাৰে পৰা বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰি শিলসাঁকোলৈ যোৱা সকলো পথ বন্ধ কৰি দিয়া হয় ৷ জাননী অবিহনে চলোৱা এই অভিযানক লৈ এতিয়া উচ্ছেদিতৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

Silsako Eviction Drive
Silsako Eviction Drive

শিলসাঁকোত দ্বিতীয় দিনা প্ৰায় শতাধিক ঘৰ উচ্ছেদ

গুৱাহাটী, ২ চেপ্টেম্বৰ: শিলসাঁকো বিল বেদখল মুক্ত কৰি গুৱাহাটীক বান মুক্ত কৰাৰ স্বাৰ্থত আজি দ্বিতীয় দিনাও শিলসাঁকো বিলৰ বেদখলকৃত ভূমিত অব্যাহত থাকিল জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান ।

শুকুৰবাৰে শিলসাঁকোত অৰ্ধ শতাধিক তৰ্জা, টিনপাত তথা কংক্ৰিটৰ ঘৰ উচ্ছেদ কৰাৰ পিছতে আজি অৰ্থাৎ শনিবাৰে পুনৰ জিলা প্ৰশাসন, মহানগৰ আৰক্ষী আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, ৰাজহ চক্ৰ বিষয়াকে ধৰি বিভাগীয় বিভাগৰ বিভিন্ন বিষয়াৰ উপস্থিতিত কেইবাখনো এক্সেভেটৰৰ সহায়ত শিলসাঁকোৰ ভূমি বেদখল কৰি নিৰ্মাণ কৰা ঘৰ এফালৰ পৰা ভাঙি পেলায় ।

বিশেষকৈ আজি শিলসাঁকো বিলৰ ভূমি বেদখল কৰি নিৰ্মাণ কৰা উষা নগৰ অঞ্চল, বিষ্ণু নগৰ অঞ্চল, ৰুদ্ৰ সিংহ পথৰ পৰা সঞ্জীৱনী পথলৈ উক্ত অঞ্চলত নিৰ্মাণ কৰা প্ৰায় ৮০ তাৰো অধিক সাধাৰণ ঘৰৰ লগতে বহুকেইটা দুই তিনি মহলীয়া অট্টালিকা প্ৰশাসনে ভাঙি পেলায় । শিলসাঁকো কেন্দ্ৰীয় উন্নয়ন সমিতিৰ সম্পাদক সঞ্জয় বণিয়াৰ সাতগাঁও দলবাৰীৰ ঘৰতো পৰিল চৰকাৰৰ বুলড’জাৰৰ হাতোৰা ৷

ইফালে প্ৰশাসনৰ এই উচ্ছেদ অভিযানৰ ফলত নিজৰ কষ্ট’পাৰ্জিত ধনেৰে সাজি উলিওৱা সপোনৰ ঘৰখন নিমিষতে ভাঙি চুৰমাৰ হোৱাৰ বেদনাত বহুলোকৰ উচুপনিত উচ্ছেদিত অঞ্চলসমূহত সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ ।

উচ্ছেদক লৈ আগতীয়া কোনো উমান নথকা বাবে উচ্ছেদিত বহুলোকে আনকি ঘৰৰ সা-সামগ্রীসমূহ নিবলৈও সক্ষম নহ’ল । নিজৰ মৰমৰ ঘৰখন চকুৰ সন্মুখতে চৰকাৰৰ বুলড’জাৰেৰে এনেদৰে ভাঙি ধ্বংসস্তুপত পৰিণত কৰাত মূৰৰ ওপৰত সৰগ ভাঙি পৰে ।

কোনো আগতীয়া জাননী নিদিয়াকৈ চৰকাৰ তথা প্ৰশাসনে চলোৱা এনে আমানৱীয় উচ্ছেদৰ ফলত তেওঁলোক এতিয়া ক’ত যাব, কি কৰিব তাক লৈ দুঃচিন্তাত পৰিছে ।

ইফালে স্থানীয় লোকে জানিবলৈ দিয়া মতে চৰকাৰে শিলসাঁকো বিলৰ মূল সুঁতিটোৰ পৰা ১৩০ মিটাৰ দূৰত্বলৈ উচ্ছেদ চলোৱা হ’ব বুলি কৈছিল যদিও আজি উচ্ছেদৰ দ্বিতীয় দিনা ইয়াতকৈ অধিক মিটাৰ দূৰত্ব অতিক্ৰম কৰাক কেন্দ্ৰ কৰি উচ্ছেদিত লোকৰ মাজত হাহকাৰ অৱস্থাৰ পৰিৱেশৰ সৃষ্টি হয় ।

ইয়াকে লৈ একাংশ উচ্ছেদিত লোকে আৰক্ষী প্ৰশাসন তথা GMDA কৰ্তৃপক্ষৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হোৱা দেখা যায় । ইয়াৰ মাজতে এটাৰ পিছত আনটো বেদখলকৃত গৃহ উচ্ছেদ কৰে জিলা প্ৰশাসনে ।

লগতে পঢ়ক: Silsako Eviction Protest: শিলসাঁকোত মহিলাৰ অৰ্ধনগ্ন প্ৰতিবাদক লৈ তীব্ৰ প্ৰতিক্ৰিয়া; গৰ্ভৱৰ্তী মহিলাকো আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.