অসম

assam

প্ৰদান বৰুৱাক প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ সন্তুষ্ট নহয় লখিমপুৰবাসী !

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 2:31 PM IST

প্ৰদান বৰুৱাক পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাত হতাশ হৈ পৰিছে জোনাইৰ সীমান্তৱৰ্তী কেমি-ঐৰামঘাটবাসী ৰাইজ ৷ বিগত কাৰ্যকালৰ সমষ্টিৰ উন্নয়নৰ খতিয়ান দিলে সমষ্টিবাসীয়ে ৷ জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন---

Voters of Lakhimpur Lok Sabha constituency are not happy with the re nomination of MP Pradan Baruah
প্ৰদান বৰুৱাক নিবিচাৰে সমষ্টিবাসীয়ে !

প্ৰদান বৰুৱাক নিবিচাৰে সমষ্টিবাসীয়ে !

জোনাই, 6 মাৰ্চ: প্ৰদান বৰুৱাই তৃতীয়বাৰৰ বাবে লোকসভা নিৰ্বাচনৰ বাবে বিজেপিত প্ৰাৰ্থিত্ব লাভ কৰাৰ খবৰে হতাশ কৰি তুলিছে জোনাই সীমান্তৰ কেমি-ঐৰামঘাটবাসী ৰাইজক ৷ কাৰণ প্ৰদান বৰুৱাই জোনাই বিধানসভা সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক আৰু লখিমপুৰ লোকসভা সমষ্টিৰ পৰা দুবাৰকৈ সাংসদ হোৱাৰ পিছতো জোনাই সীমান্তৰ বৃহত্তৰ কেমি-ঐৰামঘাট অঞ্চলৰ ৰাইজৰ সমস্যাৰ সমাধান নহ’ল ৷

জোনাইৰ অৰুণাচল সীমান্তৰ কেমি-ঐৰামঘাট অঞ্চলত দেশে স্বাধীনতা পোৱাৰ 76 বছৰৰ পিছতো জোনাই সদৰলৈ যাতায়াতৰ বাবে নিজৰ অসমৰ ভূমিয়েদি কোনোধৰণৰ পথৰ ব্যৱস্থা নথকাত অৰুণাচলৰ ভূমিয়েদি দৈনিক জোনাই সদৰলৈ বিভিন্ন কাম-কাজত যাবলৈ হোৱাত বিভিন্ন সময়ত ৰাইজে সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ অৰুণাচল প্ৰশাসন কিম্বা অৰুণাচলীৰ দ্বাৰা ভুগি আহিছে চৰম যাতনা ৷ যাৰ ফলত বিভিন্ন সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীকে ধৰি মুখ্যমন্ত্ৰী, সাংসদ প্ৰদান বৰুৱাক চিলে নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে সীমান্তৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে আবেদন-নিবেদন কৰি আহিছে যদিও আজিকোপতি নদীৰ ওপৰত নিৰ্মাণ নহ’ল এখন দলং ৷

লোকসভা নিৰ্বাচনৰ আগে আগে চিলে নদীৰ ওপৰত সাংসদ প্ৰদান বৰুৱাৰ নেতৃত্বত শীঘ্ৰে দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন নকৰিলে সমাগত লোকসভা নিৰ্বাচনত প্ৰদান বৰুৱাক ভোট দিয়াৰ পৰা বিৰত থাকিব বুলি কয় জোনাইৰ কেমি ঐৰামঘাটবাসী ৰাইজে ৷ উল্লেখ্য যে, বান-খহনীয়া আৰু বিভিন্ন সমস্যাৰে জৰ্জৰিত অসমৰ এক উল্লেখযোগ্য লোকসভা সমষ্টি লখিমপুৰ লোকসভা সমষ্টি । শেহতীয়াকৈ যোৱা পাঁচটা বছৰত সদনৰ মজিয়াত সাংসদ প্রদান বৰুৱাৰ ভূমিকাই সমষ্টিবাসীক নিৰাশ কৰা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, বিগত পাঁচটা বছৰত সাংসদ প্রদান বৰুৱাই সদনৰ মজিয়াত কোনো এটা বিতর্কতো অংশগ্রহণ কৰা দেখিবলৈ পোৱা নগ’ল । বিগত কার্যকালত সাংসদ প্রদান বৰুৱাই ব্যৰ্থ হৈছে নিজৰ সাংসদ উন্নয়ন পুঁজিৰ ধন 100 শতাংশ খৰচ কৰাৰ ক্ষেত্ৰতো । বিজেপি নেতা প্রদান বৰুৱা কোনোবা দলীয় শীর্ষ নেতাৰ দ্বাৰা আশীর্বাদপুষ্ট হৈ পুনৰ টিকট লাভ কৰিবলৈ সক্ষম হৈছে বুলি চৰ্চা চলিছে ।

লগতে পঢ়ক:30 লাখ মহিলাক লাখপতি দিদি বনাব প্ৰধানমন্ত্ৰীয়ে !

ABOUT THE AUTHOR

...view details