অসম

assam

বিজেপি জয়ী হ'লে ৰাছিয়াৰ পুটিনৰ দৰেই অনিৰ্দিষ্টকালৰ বাবে শাসনৰ গাদীত বহিব মোদী: পৱন খেৰা - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 1:52 PM IST

Paban Khera Slams PM Modi: নলবাৰীলৈ অহা প্ৰধানমন্ত্ৰী মোদীৰ উজনিৰ চাহ শ্ৰমিকৰ কাষলৈ অহাৰ সাহস নাই । ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অৱসান ঘটাব খোজা নৰেন্দ্ৰ মোদীৰ মণিপুৰৰ প্ৰতি নাই অকণো দৰদ । পুনৰ মোদী প্ৰধানমন্ত্ৰী হ'লে দেশত আৰু কাহানিও নিৰ্বাচন নহয় । শিৱসাগৰত প্ৰধানমন্ত্ৰীক কঠোৰ সমালোচনা কংগ্ৰেছ নেতা পৱন খেৰাৰ ।

Paban Khera Slams PM Modi
ok Sabha Election 2024

প্ৰধানমন্ত্ৰীক কঠোৰ সমালোচনা কংগ্ৰেছ নেতা পৱন খেৰাৰ

শিৱসাগৰ, ১৭ এপ্ৰিল:প্ৰধানমন্ত্ৰী মোদী নলবাৰীলৈ যাব পাৰে, কিন্তু উজনি অসমলৈ আহিবলৈ তেওঁ ভয় কৰে । চাহ শ্ৰমিকৰ চকুলৈ চাই কথা কোৱাৰ সাহস প্ৰধানমন্ত্ৰীৰ নাই । বিজেপিৰ শাসনত শোষণৰ বলি হোৱা চাহ শ্ৰমিকৰ মুখামুখি হ'বলৈ ভয় কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । সেয়ে প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া উজনি অসমৰ সমষ্টিলৈ অহাৰ পৰিৱৰ্তে তেওঁ তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া নামনি অসমৰ সমষ্টিত প্ৰচাৰ চলাই আছে । শিৱসাগৰৰ ডিমৌত এখন সংবাদমেলত এই মন্তব্য কৰিছে জাতীয় কংগ্ৰেছ দলৰ গণসংযোগ আৰু প্ৰচাৰ বিভাগৰ অধ্যক্ষ পৱন খেৰাই ।

যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ আহিছে পৱন খেৰা । জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনাৰ লক্ষ্য কৰি লোৱা দেখা যায় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক লৈ গুৱাহাটীৰ ৰাজপথত হোৱা আখৰা আৰু 'ভাৰত জোড়ো ন্যায়' যাত্ৰাৰ সময়ত ৰাহুল গান্ধীক অনুমতি প্ৰদান নকৰাক লৈ খেৰাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ সমালোচনা কৰে । এয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ বিজেপিৰ ভয় আৰু শাসনৰ পক্ষপাতদুষ্ট নীতিৰ প্ৰমাণ বুলিও তেওঁ মন্তব্য কৰে ।

খেৰাই মণিপুৰৰ প্ৰসংগ উত্থাপন কৰি কয় যে নলবাৰীলৈ প্ৰধানমন্ত্ৰী আহিব পাৰে, কিন্তু মণিপুৰলৈ যাব নোৱাৰে । হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰ নিদিলে কংগ্ৰেছেই প্ৰধানমন্ত্ৰীক মণিপুৰ ভ্ৰমণৰ বাবে বিমানৰ টিকট ক্ৰয় কৰি দিব বুলি মন্তব্য কৰি খেৰাই কয় যে প্ৰধানমন্ত্ৰীয়ে মণিপুৰ ভ্ৰমণ কৰি আহক । ইউক্ৰেইনৰ যুদ্ধ ৰখাবলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীৰ নিজ দেশৰ ৰাজ্য মণিপুৰৰ প্ৰতি দৰদ নাই বুলিও তেওঁ কঠোৰ সমালোচনা কৰে ।

আনহাতে ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গেৰ লগতে গৌৰৱ গগৈয়ে সমতাৰ কথা কোৱাৰ বাবে কংগ্ৰেছ দলক মোদীয়ে ভয় কৰে বুলি টিপ্পনী কৰি আগন্তুক দিনত বিজেপি চৰকাৰে পূৰণ নকৰা ৩০ লাখ চাকৰি কংগ্ৰেছৰ ঐক্যবদ্ধ চৰকাৰে পূৰণ কৰিব বুলি খেৰাই দাবী কৰে ।

ইফালে এইবাৰ যদি বিজেপি দলৰ চৰকাৰ গঠন হয় তেন্তে ভৱিষ্যতৰ দিনত ভাৰতত কোনো নিৰ্বাচন অনুষ্ঠিত নহ'ব আৰু ৰাছিয়াৰ পুটিনৰ দৰে মোদী অনিৰ্দিষ্ট কালৰ বাবে শাসনৰ গাদীত বহিব বুলিও তেওঁ সম্ভাৱনা ব্যক্ত কৰে । যদি এইবাৰৰ নিৰ্বাচনত বিজেপি জয়ী হ'য় তেন্তে দেশৰ গণতন্ত্ৰ, সংবিধান আৰু ৰাইজৰ অধিকাৰ বিলুপ্ত হ'ব বুলি তেওঁ শংকা ব্যক্ত কৰে ।

খেৰাই লগতে কয় যে সংসদত গৌৰৱ গগৈ হৈছে এক সৱল কণ্ঠ । সমগ্ৰ দেশে তেওঁৰ কথা শুনে আৰু সদনত গৌৰৱ গগৈয়ে কথা ক'লে প্ৰধানমন্ত্ৰীৰ নিশালৈ টোপনি নাহে । কাৰণ গৌৰৱ গগৈয়ে হৃদয়ৰ পৰা কথা কয় । গতিকে গৌৰৱ গগৈক পুনৰ নিৰ্বাচিত কৰি তেওঁক কাম কৰি যোৱাৰ সুবিধা দিবলৈ ৰাইজক আহ্বান জনায় পৱন খেৰাই । গৌৰৱৰ পিতৃ তথা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কথা উল্লেখ কৰি কয় যে গৌৰৱ তৰুণ গগৈৰ আদৰ্শৰে প্ৰতি পালিত । গতিকে তেওঁক কাম কৰাৰ সুবিধা দিয়া উচিত । কংগ্ৰেছৰ চৰকাৰ হ'লে নিশ্চিতভাৱে গৌৰৱ গগৈয়ে মন্ত্ৰিত্ব লাভ কৰিব বুলিও কয় পৱন খেৰাই ।

লগতে পঢ়ক:সাধাৰণ জনতাক পণবন্দী কৰি মহানগৰীত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৰোড শ্ব' - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details