অসম

assam

নোপোৱাৰ বাবে পদত্যাগ: পোৱাৰ বাবে সিদ্ধান্ত সলাব পাৰে আব্দুল খালেকে

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 9:28 PM IST

MP Abdul Khaleque: টিকটৰ পৰা বঞ্চিত হোৱা বাবেই পদত্যাগ সাংসদ আব্দুল খালেকৰ ৷ পদত্যাগৰ পিচতে ভূপেন বৰা উপস্থিত হ’ল সাংসদ খালেকৰ বাসগৃহত । ভূপেন বৰাৰ মতে আব্দুল খালেকে সিদ্ধান্ত সলনি কৰিব ৷ কিবা এটা অফাৰ দিয়া হ’ব আব্দুল খালেকক ৷ হয়তো তাৰ পিচতে সিদ্ধান্ত সলনি কৰিব আব্দুল খালেকে ৷

MP Abdul Khaleque quits congress
http://10.10.50.80:6060///finalout3/assam-nle/finalout/15-March-2024/20994908_djvz.mp4

আব্দুল খালেকৰ পদত্যাগৰ পিচতে ভূপেন বৰাৰ সাক্ষাৎ

গুৱাহাটী, ১৫ মাৰ্চ:পালে ভাল আৰু নাপালে বেয়া । এয়াই যেন বৰ্তমান সময়ৰ ৰাজনীতিকৰ চৰিত্ৰ । কাৰণ বিগত সময়ত অসমৰ ৰাজনীতিত তাৰেই প্ৰতিফলন দেখিবলৈ পোৱা গৈছে । বিচৰা ধৰণে সুযোগ-সুবিধা নাপালে দল বাগৰাৰ ৰাজনীতি কৰা বহু ৰাজনীতিক বিগত সময়ত দেখিবলৈ পোৱা গৈছে । নিৰ্বাচন আহিলে ইয়াৰ প্ৰকোপ বেছিকৈ দেখিবলৈ পোৱা যায় ।

বৰ্তমান সময়ত কংগ্ৰেছ দলত ইয়াৰ ধুম উঠিছে । আন বিভিন্ন কাৰণৰ লগতে টিকট নোপোৱাৰ বাবে বহু কেইজন নেতাই ইতিমধ্যে কংগ্ৰেছ দল ত্যাগ কৰি সুযোগ-সুবিধাৰ সন্ধানত আন দললৈ গমন কৰিছে । এই প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা তথা বৰপেটা সমষ্টিৰ সাংসদ আব্দুল খালেকে পদত্যাগ কৰে । ইয়াৰ কাৰণ তেওঁক এইবাৰ টিকটৰ পৰা বঞ্চিত কৰা হ’ল ।

টিকটৰ পৰা বঞ্চিত হোৱা বাবেই আজি তেওঁ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে । কিন্তু বিয়লিলৈ পৰিস্থিতিৰ পথ পৰিৱৰ্তন হৈছে । পদত্যাগ পত্ৰ দিয়াৰ খবৰটো পোৱাৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বিয়লি সাংসদ আব্দুল খালেকৰ বাসগৃহত উপস্থিত হয় । দীঘলীয়া সময় সাংসদগৰাকীৰে আলোচনা কৰাৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত কয় যে আব্দুল খালেকে সিদ্ধান্ত সলনি কৰিব বুলি বিশ্বাস আছে ।

ভূপেন বৰাই লগতে কয় যে আব্দুল খালেকৰ হৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিক কিবা এটা কোৱা হৈছে আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে সেই কথা শুনিব । অৰ্থাৎ পদত্যাগ পত্ৰ উঠাই লোৱাৰ বাবে আব্দুল খালেকক ভাল কিবা এটা অফাৰ দিয়া হৈছে । নোপোৱাৰ বাবে পদত্যাগ কৰা আব্দুল খালেকে হয়তো কিবা এটা পালে তেওঁৰ পদত্যাগ পত্ৰ উঠাই ল’ব । ভূপেন বৰাৰ বক্তব্যই তাৰেই ইংগিত বহন কৰিছে ।

সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই কয়, ‘‘কাইলৈ পুনৰ আব্দুল খালেকৰ লগত বহিম আৰু বিষয়টোৰ ইয়াতে সমাধান হ'ব ।’’ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে কৰা যুঁজখনত আব্দুল খালেক সদায় আছে বুলি সদৰী কৰি তেওঁ কয় যে কাইলৈ আব্দুল খালেকে পদত্যাগ পত্ৰ উঠাই ল’ব । অৰ্থাৎ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে দিয়া প্ৰস্তাৱ নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে মানি ল’লে আৰু পচন্দৰ হ’লে আব্দুল খালেকে পদত্যাগ পত্ৰ উঠাই ল’ব ।

লক্ষ্যণীয় বিষয় যে সাংসদ আব্দুল খালেকে নিজৰ পদত্যাগ পত্ৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অসমৰ দায়িত্বত থকা দলৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে অসমত দলটো ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰিছিল । এতিয়া সেইজন আব্দুল খালেকেই ভূপেন বৰাই আগবঢ়োৱা প্ৰস্তাৱৰ বাবে সিদ্ধান্ত সলনি কৰাৰ সম্ভাৱনা আছে । এয়াই যেন হৈছে লাভালাভৰ ৰাজনীতি ।

ইফালে সংবাদ মাধ্যমৰ আগত পদত্যাগ পত্ৰ দিয়াৰ কথা স্বীকাৰ কৰি সাংসদ আব্দুল খালেকে কয়, ‘‘প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু অসমৰ দায়িত্বত থকা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে মোৰ কেতবোৰ অভিযোগ আছে । পত্ৰত মই সেই কথা লিখিছো । দলৰ কিছুমান বিষয় মই পূৰ্বতেও উত্থাপন কৰিছো । আমাৰ প্ৰভাৰীকো পত্ৰ দিছিলো । কিন্তু তাৰ সুদুত্তৰ নাপালো । টিকট নোপোৱাৰ বাবে মই পদত্যাগ কৰা নাই ।’’

উল্লেখ্য যে সাংসদ খালেকে নক’লেও এইটো কথা স্পষ্ট যে টিকট নোপোৱাৰ বাবেই তেওঁ পদত্যাগ কৰিছে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে সাক্ষাৎ কৰাৰ প্ৰসংগত তেওঁ কয়, ‘‘ভূপেন বৰাৰ বিৰুদ্ধেই অভিযোগ দিছোঁ যেতিয়া তেওঁ ক'লে কি হ’ব?’’ কিন্তু তেওঁ কিছু অপেক্ষা কৰাৰ কথাও সদৰী কৰে ৷ লগতে তেওঁ ‘‘কাইলৈ কি হ'ব কোনে জানে?’’ বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । অৰ্থাৎ তেওঁ নিজৰ সিদ্ধান্ত সলনি কৰিব পাৰে । কংগ্ৰেছৰ কি অফাৰত তেওঁ নিজৰ সিদ্ধান্ত সলনি কৰিব সেয়া হয়তো কাইলৈহে জানিব পৰা যাব ।

লগতে পঢ়ক:টিকট নোপোৱাৰ ক্ষোভত কংগ্ৰেছ এৰিলে খালেকে

ABOUT THE AUTHOR

...view details