অসম

assam

ঘোষণা হ’ল যোৰহাট আৰু কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থীৰ নাম; যোৰহাটৰ বিভিন্ন প্ৰান্তত আনন্দ-উল্লাস

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 7:07 AM IST

Loksabha Election 2024 : সাংসদ তপন কুমাৰ গগৈ আৰু কামাখ্যা প্ৰসাদ তাছা জিন্দাবাদ ধ্বনিৰে মুখৰিত যোৰহাটৰ আকাশ-বতাহ ৷ লোকসভা নিৰ্বাচনৰ বাবে যোৰহাট আৰু কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী ঘোষণাৰ পাচতে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি যোৰহাটত ৷

Jorhat BJP celebrates in Jorhat after declaring Jorhat kaziranga LS candidate
ঘোষণা হ’ল যোৰহাট আৰু কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থীৰ নাম; যোৰহাটৰ বিভিন্ন প্ৰান্তত আনন্দ-উল্লাস

ঘোষণা হ’ল যোৰহাট আৰু কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থীৰ নাম; যোৰহাটৰ বিভিন্ন প্ৰান্তত আনন্দ-উল্লাস

যোৰহাট, 3 মাৰ্চ :সমাগতলোকসভা নিৰ্বাচনৰ বাবে শনিবাৰে বিজেপিয়ে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পাচতে যোৰহাটত দলটোৰ নেতা-কৰ্মীৰ মাজত আনন্দ-উল্লাসৰ বৈন্যা ৷ কাৰণ যোৰহাট লোকসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে সাংসদ তপন কুমাৰ গগৈ আৰু নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিৰ পৰা ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই প্ৰাৰ্থিত্ব লাভ কৰিছে ৷ সেয়ে দলীয় সমৰ্থকে ফটকা ফুটাই আনন্দ উদযাপন কৰা পৰিলক্ষিত হ’ল ৷

যোৰহাটৰ বৰুৱা চাৰিআলিত আতজবাজী ফুটাই আনন্দ উল্লাস কৰাৰ লগতে মোদী জিন্দাবাদ, তপন গগৈ জিন্দাবাদ, কামাখ্যা প্ৰসাদ তাছা জিন্দাবাদ ধ্বনি দিয়ে দলীয় নেতা কৰ্মীয়ে । যোৰহাট আৰু কাজিৰঙাৰ পৰা সাংসদ তপন কুমাৰ গগৈ আৰ কামাখ্যা প্ৰসাদ তাছাই প্ৰাৰ্থিত্ব লাভ কৰাৰ পিচত অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী আৰু জিলা সভাপতি হেমন্ত কলিতাসহ বিভিন্ন দলীয় কৰ্মীয়ে ৰাজপথলৈ ওলাই আহি তপন গগৈ জিন্দাবাদ, সাংসদ কামাখ্যা প্ৰসাদ তাছা জিন্দাবাদ, নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ দিয়াৰ লগতে ভাৰত মাতা কি জয় আদি শ্ল’গান দিয়ে ৷

বিজেপিয়ে 11 টা সমষ্টিত দিয়া সকলো প্ৰাৰ্থীয়ে জয় হ'ব বুলি মত প্ৰকাশ কৰাৰ লগতে নিৰ্বাচনত দলটোৱে সৰ্বশক্তিৰে কাম কৰি যাব বুলি সংকল্প লয় বিজেপি নেতা-কৰ্মীসকলে । আনহাতে, যোৰহাট নগৰৰ লগতে মৰিয়নীত আৱতৰীয়া দেৱালী উদযাপন কৰা হয় । বিজেপিৰ দ্বাৰা প্ৰকাশিত লোকসভা প্ৰাৰ্থীৰ তালিকাত যোৰহাট লোকসভা সমষ্টিৰ বাবে পুনৰবাৰ বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি অৱগত হোৱাৰ পাচতেই নগৰৰ মাজমজিয়াত মৰিয়নী বিজেপি নগৰ মণ্ডলে দলীয় কাৰ্যালয়ৰ সন্মুখত ফটকা ফুটাই নাচি-বাগি এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰে ।

লগতে পঢ়ক :বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা : অসমৰ ১১গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা

ABOUT THE AUTHOR

...view details