গুৱাহাটী, ৪ এপ্ৰিল: এইবাৰ লোকসভা নিৰ্বাচন খেলিব নোৱাৰিব সাংসদ নৱ শৰণীয়াই ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত নাকচ হ'ল শৰণীয়াই অসম চৰকাৰক প্ৰত্যাহ্বান জনাই নিজৰ জনজাতিৰ প্ৰমাণ পত্ৰ বৈধ হিচাবে গণ্য কৰাৰ আবেদন ৷ ইতিমধ্যে নৱ শৰণীয়া জনজাতি (ST) নহয় বুলি ৰাজ্য চৰকাৰে দিছিল নিৰ্দেশ ।
নৱ শৰণীয়াই অসম চৰকাৰৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । ৰাজ্য চৰকাৰৰ এই নিৰ্দেশত স্থগিতাদেশ দিছিল উচ্চ ন্যায়ালয়ে । অসম চৰকাৰে প্ৰত্যাহ্বান জনাইছিল এই স্থগিতাদেশৰ । অৱশেষত এজনীয়া বিচাৰপীঠৰ পূৰ্বৰ অন্তৱৰ্তীকালীন স্থগিতাদেশৰ ৰায় খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে ৷ ইয়াৰ ফলত নৱ শৰণীয়াই লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিলেও এতিয়া খাৰিজ হোৱাৰ সম্ভাৱনা ৷
কোকৰাঝাৰ লোকসভা সমষ্টিত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীত ব্যস্ত হৈ থকাৰ মাজতে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই নিৰ্বাচন খেলিব নোৱাৰাৰ সম্ভাৱনাই দেখা দিছে । সাংসদ নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্রমাণপত্ৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠত প্রত্যাহ্বান জনাইছিল অসম চৰকাৰে । বুধবাৰে উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে অসম চৰকাৰৰ আবেদনখনৰ শুনানি গ্রহণ কৰে ।
প্ৰায় দিনজোৰা দীঘলীয়া শুনানিৰ অন্তত খণ্ড বিচাৰপীঠে কালি ৰায়দান সংৰক্ষিত ৰাখিছিল । বৃহস্পতিবাৰে এই শুনানিৰ ৰায় প্ৰদান কৰে খণ্ড বিচাৰপীঠে ৷ ৰায়দান কৰি আদালতৰ খণ্ড বিচাৰপীঠে অন্তৱৰ্তীকালীন ৰায় খাৰিজ কৰি এজনীয়া বিচাৰপীঠলৈ প্ৰয়োজনত দৈনিক শুনানি গ্ৰহণ কৰি বিষয়টো জৰুৰীভাৱে নিষ্পত্তি কৰিবলৈ অনুৰোধ জনায় ।
এককথাত লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব চলি থকাৰ সময়তে বিপদৰ সন্মুখীন হৈছে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া ৷ আদালতৰ এই ৰায়ৰ পিচত পুনৰবাৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্রমাণ পত্রখন ভুৱা বুলি চৰকাৰীভাৱে বিবেচিত হৈছে ৷