গুৱাহাটী, ২৫ এপ্ৰিল :"তুষ্টিকৰণৰ ৰাজনীতিত নিমগ্ন কংগ্ৰেছ দলে ৬০ বছৰৰো অধিক কালজুৰি দেশৰ জনসাধাৰণৰ ব্যক্তিগত অধিকাৰত হস্তক্ষেপ কৰি আহিছিল ৷ যাৰ বাবে স্বৰাজোত্তৰ ৬ দশকৰো অধিক কাল কংগ্ৰেছ শাসনত থকাৰ পাচতো দেশৰ অৱস্থা তথৈবচ আছিল । অৱশ্যে ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰ গঠন হোৱাৰ পাচত দেশৰ সৰ্বদিশতে বিপুল পৰিৱৰ্তন সাধন সম্ভৱ হৈছে ।" এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাৰ ।
বুধবাৰে দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ সন্দৰ্ভত আয়োজিত এক সংবাদ মেলত ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰগৰাকীয়ে কেতবোৰ মন্তব্য কৰে ৷ তেওঁ কয় যে কংগ্ৰেছ দলৰ বর্তমান নীতি গান্ধীবাদৰ সলনি মাওবাদহে । কংগ্ৰেছ দলে নিৰ্বাচনী ইস্তাহাৰত ঘোষণা কৰা কেইবাটাও সিদ্ধান্তই দেশৰ নাগৰিকৰ মৌলিক অধিকাৰ আৰু দেশৰ আভ্যন্তৰীণ বিধি ব্যৱস্থাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি সংবাদমেলত বৰুৱাই উল্লেখ কৰে ।
বিশেষকৈ দেশৰ নাগৰিকৰ ব্যক্তিগত জমা পুঁজি, সম্পত্তি আনকি মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত লোকৰ ভৱিষ্যত নিৰাপত্তাৰ সম্বলস্বৰূপ ফিক্সড ডিপজিট (FD) পর্যন্ত অনুসৰণৰ সিদ্ধান্ত নাগৰিকৰ মৌলিক অধিকাৰৰ পৰিপন্থী ৷ লগতে মাতৃ সমাজৰ আভূষণ স্বৰূপ আ-অলংকাৰৰ তথ্য সংগ্ৰহৰ ঘোষণাও কংগ্ৰেছৰ মাওবাদী চৰিত্ৰৰ প্ৰকাশেই মাথোঁ ।
উল্লেখ্য যে, পূৰ্বতে কংগ্ৰেছ চৰকাৰৰ আমোলত ১৯৬৩ আৰু ১৯৭৪ চনত মানুহৰ উপাৰ্জন জব্দ কৰিবলৈ একেধৰণৰ আইন প্ৰণয়ন কৰিছিল । "compulsory deposit scheme act"ৰ অধীনত সকলো কৰদাতা, সম্পত্তি ধাৰী আৰু চৰকাৰী কৰ্মচাৰীয়ে উপাৰ্জনৰ ১৮ শতাংশ চৰকাৰৰ ওচৰত জমা দিবলগীয়া হৈছিল । এইবেলিৰ লোকসভা নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰকাশিত ইস্তাহাৰেও পূৰ্বৰ সেই ভয়াৱহ দিনৰে ইংগিত বহন কৰিছে ।