অসম

assam

ৰাজীৱ ভৱনত বহিবলৈও মানুহ নাই কংগ্ৰেছত: মুখ্যমন্ত্ৰী - Lok Sabha election 2024

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 6:58 PM IST

LS Polls 2024: "অসমত নিবনুৱাই বিনা পইচাত চাকৰি পায়, লোন পায় । কংগ্ৰেছে নিজৰ দিনৰ কথা কৈ আছে আমাৰ দিনৰ কথা কোৱা নাই ।" কংগ্ৰেছৰ ন্যায়পত্ৰত উল্লেখিত ৪০ শতাংশ নিবনুৱা বৃদ্ধি সন্দৰ্ভত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।

LS Polls 2024
Lok Sabha election 2024

শিৱসাগৰত মুখ্যমন্ত্ৰী

শিৱসাগৰ, ৮ এপ্ৰিল: শিৱসাগৰত উপস্থিত হৈ স্থানীয় বিধায়ক অখিল গগৈৰ লগতে কংগ্ৰেছ দলৰ প্ৰতি সমালোচনামুখৰ হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । সোমবাৰে বিয়লি শিৱসাগৰত এক দলীয় সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তাৰ পিচতেই সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে তেওঁ তীব্ৰ বাক্যবাণ এৰে । ২০২৫ চনত ভূপেন বৰা বিজেপিলৈ আহিব বুলি পুনৰ এবাৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে ।

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা অসমৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙে অসমত কংগ্ৰেছৰ ন্যায়পত্ৰ মুকলি কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সিঙে কংগ্ৰেছৰ সময়ত হোৱা অন্যায়সমূহৰ কথাকেই কৈ আছে । তেওঁ লগতে কয় যে কংগ্ৰেছত এতিয়া একোৱেই নাই । ৰাজীৱ ভৱনত বহিবলৈও মানুহ নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ইফালে অখিল গগৈৰ প্ৰসংগত তেওঁ কয় যে অখিল গগৈয়ে নিজৰ চকীখনতেই জঁপিয়াই ফুৰে । শিৱসাগৰৰ বহু মানুহে অখিল গগৈক ভোট দি ভুল কৰা বুলি মুখ্যমন্ত্ৰীৰ আগত স্বীকাৰ কৰিছে বুলিও কয় । তেওঁ লগতে কয় যে সৰ্বহাৰাৰ নেতাগৰাকী সৰ্বহাৰা ৰাইজৰ সৈতে থকাৰ পৰিৱৰ্তে আৱৰ্ত ভৱনতহে বেছি সময় থাকে । মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীও আৱৰ্ত ভৱনত ইমান সময় নাথাকে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰীয়ে কয় যে নিৰ্বাচন গণতান্ত্ৰিক দেশ এখনৰ বাবে এক ফেষ্টিভেল, গতিকে ৰাইজে এই সময়ত কি পাব কি নাপাব সেই বিষয়ে জানিব লাগিব । নিৰ্বাচনী বিধি উলংঘা কৰি শাসকীয় দলে অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰা বুলি বিৰোধীয়ে তোলা অভিযোগৰ প্ৰত্যুত্তৰ এইদৰে দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে কাইলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উজনি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।

লগতে পঢ়ক:কা আন্দোলন ফাঁকিৰ ওপৰত হৈছিল, আন্দোলনকাৰীয়ে উত্তৰ দিব লাগিব: মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details