অসম

assam

তিনিওটা লোকসভা সমষ্টিতেই এ আই ইউ ডি এফ জয়ী হ'ব : আজমল - Lok Sabha elections 2024

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 9:27 PM IST

AIUDF election campaign meeting : সোমবাৰে ৰূপহীহাটত এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে প্ৰাৰ্থী আমিনুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি চৰকাৰক কৰে তীব্ৰ সমালোচনা । আজমলে কয়," বদৰুদ্দিন আজমল বেপাৰী, কোনো চোৰ-ডকাইত নহয় ।"

AIUDF election campaign meeting
এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল

ৰূপহীহাটত বদৰুদ্দিন আজমলৰ সভা

নগাঁও, ১৫ এপ্ৰিল:সংখ্যালঘু অধ্যুষিত ৰূপহীহাট বিধানসভা সমষ্টিৰ ৰূপহীহাটত এখন নিৰ্বাচনী সভাত বহু সংখ্যক খালী চকীৰ সন্মুখতেই ভাষণ দিবলগীয়া হ'ল বদৰুদ্দিন আজমলে । সোমবাৰে ৰূপহীহাটত এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল হেলিকপ্টাৰেৰে উপস্থিত হয় নগাঁও লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী আমিনুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ । ৰূপহীহাটত পুনৰ এবাৰ খালী চকীৰ সন্মুখত ভাষণ দিলে আজমলে । নিৰ্বাচনী প্ৰচাৰ চলাই বদৰুদ্দিন আজমলে ক'লে," বদৰুদ্দিন আজমল বেপাৰী, কোনো চোৰ-ডকাইত নহয় ।"

এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে পুনৰ কয়," চৰকাৰী কোটি টকীয়া আঁচনিসমূহ মাৰি খোৱা মানুহ নহয় আজমল । আনকি বেলেগৰ টকা-পইচা মাৰি খোৱা মানুহো নহয় ।" ইপিনে,যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ হৈ কয়," নিৰ্বাচনৰ আগত একাংশ হিন্দু নেতাই ভোটৰ স্বাৰ্থত মূৰত টুপী লৈ মছজিদ বা ঈদগাহত গৈ কলিমা পঢ়ি দেখুৱাব খোজাসকলকহে বেয়া পাই বদৰুদ্দিন আজমলে । "

বদৰুদ্দিন আজমলে দলে প্ৰাৰ্থিত্ব প্ৰদান কৰা তিনিওটা লোকসভা সমষ্টিতেই এ আই ইউ ডি এফৰ প্ৰাৰ্থী জয়ী হ'ব বুলি দাবী কৰে । নগাঁৱত বিজেপিৰ সৈতেহে এ আই ইউ ডি এফৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলিও দাবী কৰে বদৰুদ্দিন আজমলে । উল্লেখযোগ্য যে বদৰুদ্দিন আজমলেৰ সভাত পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা নথকাত বহুলোক হেলিকপ্টাৰৰ ওচৰতেই ভিৰ কৰে । ৰাজনৈতিক ষড়যন্ত্ৰৰ বাবেই আজমলে নিৰাপত্তাহীনতাত ভোগা বুলি অভিযোগ কৰে । অনুমতি সাপেক্ষে নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ পিচতো আৰক্ষী আৰু ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ নিৰাপত্তাৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰে আজমলে । ৰূপহীহাট আৰক্ষীয়ে নিৰাপত্তা নিদিয়াৰ অভিযোগ উত্থাপন কৰি নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰাৰ কথাও সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে বদৰুদ্দিন আজমলে ।

লগতে পঢ়ক:এ আই ইউ ডি এফৰ প্ৰাৰ্থী চূড়ান্ত কৰি দিছে মুখ্যমন্ত্ৰীয়ে: কংগ্ৰেছ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details