অসম

assam

ইউ পি পি এলত যোগদান প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ - Chandan Brahma joins UPPL

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 9:32 PM IST

Chandan Brahma: শুকুৰবাৰে ইউ পি পি এলত যোগদান কৰিলে প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই ৷ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ লগতে প্ৰায় পাঁচ শতাধিক লোকে যোগদান কৰে দলটোত ৷

CHANDAN BRAHMA JOINS UPPL
UPPLত যোগদান প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ

UPPLত যোগদান প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ

চিৰাং, 12 এপ্ৰিল: শুকুৰবাৰে চিৰাঙত অনুষ্ঠিত হ’ল ইউপিপিএল দলৰ যোগদান কাৰ্যসূচী ৷ বিপিএফ এৰি ইউপিপিএলত যোগদান কৰিলে প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই । চন্দন ব্ৰহ্মৰ লগত আমছু-বনছুৰ দুই শীৰ্ষ নেতা আৰু অন্যান্য ছাত্ৰ সংগঠনৰ নেতাসহ প্ৰায় পাঁচ শতাধিক লোকে আনুষ্ঠানিকভাৱে ইউপিপিএলত যোগদান কৰে ।

উল্লেখযোগ্য যে বিগত বিধানসভা নিৰ্বাচনত চিদলী বিধানসভা সমষ্টিত শোচনীয় পৰাজয়ৰ পিচৰ পৰাই ৩ টা বছৰ ৰাজনীতিৰ পৰা আঁতৰত আছিল প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম । চিৰাং জিলাৰ সদৰ কাজলগাঁৱত চন্দন ব্ৰহ্মৰ সৈতে আমছুৰ মুখ্য সাংগঠনিক সম্পাদক গুলজাৰ হুছেইন প্ৰামাণিক, বনছুৰ উপ-সভাপতি অশোক ব্ৰহ্ম, আক্ৰাছুৰ মুখ্য উপদেষ্টা অৰুণ কুমাৰ ৰায় আৰু সহ সম্পাদক ৰাজু কুমাৰ ৰায়ে জাতীয় সংগঠনৰ পৰা অব্যাহতি লৈ ইউপিপিএল দলত আজি আনুষ্ঠানিকভাৱে যোগদান কৰে ।

যোগদানৰ পিচতে চন্দন ব্ৰহ্মই কয়, ‘‘সময়ৰ আহ্বানত মই আজি বিপিএফ দল এৰি ইউপিপিএলত যোগদান কৰিলো । ইয়াত মই কাকো সমালোচনা কৰিব নিবিচাৰো ।’’ উন্নয়নৰ স্বাৰ্থতে দল এৰা বুলি কয় যদিও পিচমুহূৰ্ততে কয় যে আজিৰ পৰা বিপিএফ দলৰ হিমোগ্লবিন ৫ৰ তললৈ আহিব । সাধাৰণ মানুহৰ হিমোগ্লবিন ১৩ থাকিব লাগে বুলি মন্তব্য কৰি ব্ৰহ্মই কয় যে লোকসভা নিৰ্বাচনৰ পিচতে ২/৩ লৈ নামিব বিপিএফৰ হিমোগ্লবিন ।

বিটিআৰৰ মুখ্য প্ৰমোদ বড়োৱে কয়, ‘‘বিপিএফ দলৰ কোনো অস্তিত্ব নাথাকিব লোকসভা নিৰ্বাচনৰ পিচত । বিপিএফ দলে নিৰ্বাচন খেলিবলৈ মানুহ বিচাৰি নাপাব ৷ কাৰণ বিপিএফ দলৰ নেতা-কৰ্মীয়ে যিদৰে যোগদান কৰি আছে আৰু লোকসভা নিৰ্বাচনৰ পিচতো আহিব ইউপিপিএল দললৈ ।’’

আজিৰ অনুষ্ঠানত বিটিচিৰ মুৰব্বী প্ৰমোদ বড়ো, কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী, বিটিআৰৰ উপ মুখ্য গোবিন্দ বসুমতাৰী, মন্ত্ৰী ইউ জি ব্ৰহ্ম, কেবাজনো কাৰ্যবাহী সদস্য, পাৰিষদ , বিটিচিৰ পাৰিষদ মাধৱ কুমাৰ চেত্ৰীসহ ইউপিপিএল দলৰ নেতা-কৰ্মী উপস্থিত থাকে যোগদান অনুষ্ঠানত ।

লগতে পঢ়ক:নিৰ্বাচনী যুঁজ কংগ্ৰেছৰ গেৰ‍াণ্টি আৰু মোদীৰ ঝুমলাৰ মাজত হ'ব : জয়ৰ‍াম ৰমেশ

ABOUT THE AUTHOR

...view details