ইণ্টাৰনেশ্যনেল ডেস্ক, ৫ মে' :আফগানিস্তানত এইবাৰ তালিবান বিৰোধী প্ৰতিবাদ আৰম্ভ হৈছে । স্থানীয় সংবাদ মাধ্যমৰ মতে দেশখনৰ বাদাখশ্বানৰ দাৰাইম জিলাত বিগত দুদিন ধৰি তালিবান বিৰোধী প্ৰতিবাদ অব্যাহত আছে । ৫ গৰাকী নেতাক আটক কৰাৰ বিৰুদ্ধে জিলাখনৰ ৰাইজে প্ৰতিবাদ অব্যাহত ৰাখিছে ।
তেওঁলোকে অভিযোগ কৰা মতে দাবীৰ বিষয়ে আলোচনা কৰাৰ বাবে তালিবানে ৫ গৰাকী নেতাক আটক কৰিছিল । কিন্তু তেতিয়াৰে পৰা তেওঁলোকৰ কোনো সন্ধান নাই । বাদাখশ্বানৰ দাৰাইমত তালিবান বিৰোধী প্ৰতিবাদ ৩ মে'ৰ পৰা আৰম্ভ হৈছিল । বাদাখশ্বানবাসীৰ মতে প্ৰাৰম্ভিক প্ৰতিবাদৰ পিচত তালিবানে তেওঁলোকৰ ওপৰত গুলীচালনা কৰিছিল । য'ত এজন লোক নিহত হোৱা বুলি তেওঁলোকে দাবী কৰিছে ।
ইফালে প্ৰতিবাদকাৰীসকলে জনাইছে যে লোকজনৰ মৃত্যুৰ পিচত দাৰাইমৰ বাসিন্দাসকলে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিছিল । সংবাদ মাধ্যমৰ মতে আফিং খেতি জ্বলোৱাৰ উদ্দেশ্যে তালিবানী যুঁজাৰুসকলে আৱাসিক এলেকাত প্ৰৱেশ কৰিছিল । কিন্তু ইয়াৰ বিপৰীতে তালিবানীয়ে ঘৰে ঘৰে প্ৰৱেশ কৰি মহিলাসকলক উৎপীড়ন চলোৱাৰ অভিযোগ উঠিছে । যাৰ বাবে তালিবানৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাইজে প্ৰতিবাদ আৰম্ভ কৰে ।