অসম

assam

গ্ৰীষ্মকালত এবাৰ এনেদৰে ব্যৱহাৰ কৰি চাওক এলোভেৰা; স্বাস্থ্য হ’ব উপকৃত - Aloe Vera uses in Summer

By ETV Bharat Assamese Team

Published : May 17, 2024, 6:22 PM IST

Aloe Vera uses in Summer: এলোভেৰা আমাৰ শৰীৰৰ বাবে বহু দিশত উপযোগী । প্ৰচণ্ড গৰম এলোভেৰাই আমাক শীতলতাও দিব পাৰে । বিশেষজ্ঞসকলৰ মতে এলোভেৰা বহু ধৰণে ব্যৱহাৰ কৰিব পাৰি । এই গ্ৰীষ্মকালত এলোভেৰা কেনেকৈ উপকাৰী হ’ব পাৰে জানো আহক...

Staying Cool in the Summer: The Benefits of Aloe Vera
গ্ৰীষ্মকালত এবাৰ এনেদৰে ব্যৱহাৰ কৰি চাওক এলোভেৰা; স্বাস্থ্য হ’ব উপকৃত (FREEPIK)

গ্ৰীষ্মৰ কালত মানুহে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷ বৰ্ধিত গৰমত শৰীৰক শীতল কৰি ৰখাটোও জৰুৰী ৷ ইয়াৰ বাবে এলোভেৰা ব্যৱহাৰ কৰিব পাৰি ৷ এলোভেৰা কেৱল এবিধ উদ্ভিদ নহয় বৰঞ্চ এক প্ৰাকৃতিক সম্পদ স্বৰূপ ৷ আমি সকলোৱে জানো ই ছাল আৰু চুলিৰ বাবে উপকাৰিতা, কিন্তু আপুনি জানেনে যে এলোভেৰাই আপোনাক গ্ৰীষ্মকালত সুস্থ আৰু শীতল কৰি ৰাখিব পাৰে ৷

এলোভেৰা ঔষধি গুণেৰে ভৰা উদ্ভিদ ৷ প্ৰাচীন কালৰে পৰা ইয়াক স্বাস্থ্যৰ বাবে আটাইতকৈ উপকাৰী বুলি গণ্য কৰা হয় ৷ বিশেষকৈ আমাৰ ছালৰ বাবে ই উপকাৰী ৷ কিন্তু ইয়াৰ উপৰিও এলোভেৰা ব্যৱহাৰ কৰিও গ্ৰীষ্মকালত শীতলতা আৰু সকাহ পাব পাৰি ৷ অমৰত্বৰ উদ্ভিদ হিচাপে পৰিচিত এলোভেৰা এবিধ উপকাৰী উদ্ভিদ, যিয়ে প্ৰচণ্ড সূৰ্যৰ পোহৰতো নিজকে ঠাণ্ডা কৰি ৰাখে ৷ গতিকে ইয়াক সেৱন কৰিলে আমাৰ শৰীৰৰ উষ্ণতা স্বাভাৱিক কৰি ৰাখে ৷ গ্ৰীষ্মকালত নিজকে ঠাণ্ডা কৰি ৰাখিবলৈ কেনেকৈ এলোভেৰা ব্যৱহাৰ কৰিব পাৰি জানক ৷

এলোভেৰাৰ কিছুমান আচৰিত উপকাৰ

ছালত এলোভেৰা জেল প্ৰয়োগ কৰিলে শীতল প্ৰভাৱ পোৱা যায় ৷ এলোভেৰা জেল প্ৰয়োগ কৰিলে গৰমৰ দিনত ৰ’দত পোৰাৰ পৰা সকাহ পোৱা যায় ৷ এলোভেৰা জেলত এন্টি-বেক্টেৰিয়েল আৰু এন্টিফাংগেল গুণ আছে যিয়ে ঘামৰ গোন্ধ আঁতৰাই পেলায় ৷ ৰাতিপুৱা খালী পেটত এলোভেৰা সেৱন কৰিলে হজম শক্তি উন্নত হয় আৰু কোষ্ঠকাঠিন্যৰ পৰাও সকাহ পোৱা যায় ৷ এলোভেৰাই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ৷ এলোভেৰাই বিপাকীয় ক্ৰিয়া বৃদ্ধি আৰু ওজন হ্ৰাস কৰাত সহায় কৰে ৷

গ্ৰীষ্মকালত শৰীৰটো ঠাণ্ডা কৰি ৰাখক

সতেজ এলোভেৰা পাতৰ পৰা জেল উলিয়াই পোনে পোনে ছালত লগাব পাৰে ৷ বজাৰত উপলব্ধ এলোভেৰা জেলও ব্যৱহাৰ কৰিব পাৰে ৷ যদি আপুনি এলোভেৰা ব্যৱহাৰ কৰে তেন্তে ইয়াৰ পাতৰ ভিতৰৰ অংশ ব্যৱহাৰ কৰক ৷

দিল্লীৰ আয়ুৰ্বেদৰ ডাঃ আৰ পি পৰাশৰে কয় যে, এলোভেৰাৰ ৰস খোৱাতো অতি উপকাৰী ৷ ই পেটটো ঠাণ্ডা কৰি ৰাখে আৰু লগতে হজম শক্তিও ভাল কৰি ৰাখে ৷ এলোভেৰাৰ ৰস প্ৰতিদিনে পুৱা খালী পেটত খাব লাগে ৷

লগতে পঢ়ক:ছালৰ সমস্যা দূৰ কৰাৰ বাবে মুখত এলোভেৰা লগোৱাটো কিমান উপকাৰী ? - Aloe vera for face

ABOUT THE AUTHOR

...view details