অসম

assam

1 মিনিটৰ বাবে 1 কোটি টকা লয় এইগৰাকী ফ্লপ অভিনেত্ৰীয়ে

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 3:23 PM IST

Urvashi Rautela Fees: উৰ্বশী ৰাউটেলাই এতিয়ালৈকে নিজৰ কেৰিয়াৰত এখনো ব্লকবাষ্টাৰ ছবি দিয়া নাই । ইয়াৰ পিচতো এই ফ্লপ অভিনেত্ৰীগৰাকীৰ অভিনয়ৰ বাবে লয় কোটি কোটি টকা পাৰিশ্ৰমিক ৷

Urvashi Rautela not given single hit charge fees 1 crore
কোটি টকাৰ পাৰিশ্ৰমিক লয় এইগৰাকী ফ্লপ অভিনেত্ৰী

চিটাৰা ডেস্ক, ৯ ফেব্ৰুৱাৰী:বলীউডৰ অন্যতম সুন্দৰী অভিনেত্ৰী উৰ্বশী ৰাউটেলা । যদিও তেওঁৰ অভিনয় পেছাই লাভ নকৰিলে বিশেষ উচ্চতা, তথাপিও উৰ্বশী প্ৰায়ে কিবা নহয়, কিবা কাৰণত চৰ্চাত থাকে । অৱশ্যে উৰ্বশীয়ে এতিয়ালৈকে কোনো হিট ছবি দিয়া নাই । কিন্তু সংবাদ মাধ্যমৰ খবৰ অনুসৰি ফ্লপ অভিনেত্ৰী হোৱাৰ পিচতো কোটি কোটি টকা পাৰিশ্ৰমিক লয় উৰ্বশীয়ে । এতিয়া দক্ষিণ ভাৰতৰ এগৰাকী ছুপাৰষ্টাৰৰ সৈতে ডাঙৰ পৰ্দাত দেখা যাব অভিনেত্ৰীগৰাকীক ৷

সঁচাকৈয়ে উৰ্বশীয়ে প্ৰতি মিনিটত ১ কোটি টকা লয় নেকি ?

কিছুদিন পূৰ্বে একাংশ বাতৰিত দাবী কৰা হৈছিল যে অভিনেত্ৰীগৰাকীয়ে প্ৰতি মিনিটত এক কোটি টকা লয় । অৱশ্যে এই কথা এটা সাক্ষাৎকাৰত উৰ্বশীয়ে নিজেই প্ৰকাশ কৰিছিল ৷ উৰ্বশী ৰাউটেলাৰ ইনষ্টাগ্ৰামত ৭ মিলিয়নতকৈ অধিক (৭.২০ কোটি) ফ’ল’ৱাৰ আছে আৰু তেওঁৰ সম্পত্তিৰ পৰিমাণ ৫৫০ কোটিতকৈও অধিক বুলি কোৱা হয় । কেৱল ইমানেই নহয়, উৰ্বশী ৰাউটেলা ফৰ্বছৰ শীৰ্ষ ১০ত অন্তৰ্ভুক্ত হোৱা আটাইতকৈ কম বয়সীয়া ভাৰতীয় । খবৰ অনুসৰি এতিয়া ৬৩ বছৰীয়া এজন চাউথ ছুপাৰষ্টাৰৰ সৈতে পৰ্দাত ৰোমাঞ্চ কৰা দেখা যাব ২৯ বছৰীয়া অভিনেত্ৰীগৰাকীক ।

দক্ষিণৰ ছুপাৰষ্টাৰৰ সৈতে পৰ্দা শ্বেয়াৰ কৰিব উৰ্বশীয়ে

উৰ্বশী ৰাউটেলাই নন্দামুৰি বালকৃষ্ণৰ সৈতে তেওঁৰ আগন্তুক প্ৰজেক্ট ‘এনবিকে ১০৯’ৰ বাবে প্ৰস্তুতি চলাই আছে । একশ্যন আৰু ষ্টাণ্ট আয়ত্ত কৰিবলৈ উৰ্বশী ৰাউটেলাই এমএমএ আইকন কন’ৰ মেকগ্ৰেগৰৰ পৰাও বিশেষ প্ৰশিক্ষণ লৈছে । এইখিনিতে উল্লেখ কৰিব লাগিব যে কন’ৰ মেকগ্ৰেগৰ এজন বিখ্যাত মিক্সড মাৰ্শ্বেল আৰ্টিষ্ট আৰু পেছাদাৰী বক্সাৰ ।

মেকগ্ৰেগৰে উৰ্বশী সন্দৰ্ভত কয়, "শ্বাহৰুখ খানৰ পিচত, মই চিনি পোৱা একমাত্ৰ বলীউড চলচ্চিত্ৰ অভিনেতা উৰ্বশী ৰাউটেলা । উৰ্বশী বলীউডৰ এগৰাকী যুৱ ছুপাৰষ্টাৰ । তেওঁ এগৰাকী আচৰিত অভিনেত্ৰী । ভাৰত আৰু মোৰ বাবে তেওঁ সৌন্দৰ্যৰ এক উজ্জ্বল নিদৰ্শন হয় । তেওঁৰ ফিটনেছ আচৰিত ধৰণৰ । "

উৰ্বশী ৰাউটেলাৰ আগন্তুক চিনেমা

উৰ্বশী ৰাউটেলাৰ আগন্তুক প্ৰজেক্টৰ বিষয়ে ক’বলৈ গ’লে বৰ্তমান অভিনেত্ৰীগৰাকীৰ হাতত আছে বহু প্ৰজেক্ট । অতি সোনকালেই উৰ্বশীক দেখা যাব অক্ষয় কুমাৰৰ সৈতে ‘ৱেলকাম ৩’, ববি দেওল, দুলকুৰ ছালমান, নন্দমুৰি বালকৃষ্ণৰ সৈতে ‘এনবিকে ১০৯’, ছানী দেওলৰ সৈতে ‘বাপ’ (হলিউডৰ ব্লকবাষ্টাৰ এক্সপেণ্ডেবলছৰ পুনৰ্নিৰ্মাণ) আৰু ৰণদ্বীপ হুডাৰ সৈতে ‘ইন্সপেক্টৰ অবিনাশ ২’ আৰু সঞ্জয় দত্তৰ সৈতে 'ব্লেক ৰোজ'ৰ দৰে আগন্তুক ছবিত দেখা যাব । এইবোৰৰ উপৰিও উৰ্বশী ৰাউটেলাক ‘জে এন ইউ’ নামৰ এখন বায়’পিকতো দেখা যাব ।

লগতে পঢ়ক:৩১০০ কোটি টকা সম্পত্তিৰ মালিক, তথাপিও তেওঁ আটাইতকৈ ধনী অভিনেতা নহয়, কোন সেইজন অভিনেতা ?

ABOUT THE AUTHOR

...view details