ETV Bharat / entertainment

৩১০০ কোটি টকা সম্পত্তিৰ মালিক, তথাপিও তেওঁ আটাইতকৈ ধনী অভিনেতা নহয়, কোন সেইজন অভিনেতা ?

Nagarjuna Akkineni: বিশাল ধন-সম্পত্তি মালিক নাগাৰ্জুন ৷ তথাপিও তেওঁ দেশৰ আটাইতকৈ ধনী অভিনেতা নহয় । তেতিয়াহ’লে ভাৰতৰ আটাইতকৈ ধনী অভিনেতা কোন ? জানক এই প্ৰতিবেদনত ৷

Who is the richest actor in India ?
দেশৰ আটাইতকৈ ধনী অভিনেতা কোন ?
author img

By ETV Bharat Assamese Team

Published : February 9, 2024 at 10:31 AM IST

|

Updated : February 9, 2024 at 11:21 AM IST

3 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ৯ ফেব্ৰুৱাৰী: কল্পনা কৰক, বলীউডৰ ডাঙৰ ডাঙৰ ছবি নিৰ্মাতা যেনে কৰণ জোহৰ আৰু একতা কাপুৰতকৈও ধনী এজন অভিনেতা, যিজন অভিনেতাই প্ৰতি বছৰে এছ এছ ৰাজামৌলিতকৈ অধিক ধন উপাৰ্জন কৰে আৰু যাৰ ক্ৰীড়া দলো শ্বাহৰুখ খানতকৈ বেছি আছে, যাৰ ব্যক্তিগত জেট আছে, ষ্টুডিঅ’ আৰু বহুতো বহুমূলীয়া বস্তু আছে । কিন্তু ইমান ধন-সম্পত্তি থকা স্বত্বেও তেওঁ ভাৰতৰ আটাইতকৈ ধনী অভিনেতা নহয় । হয়, এই কথা শুনি আপুনি নিশ্চয় আচৰিত হৈছে । গতিকে জানো আহক কোন সেইজন তাৰকা অভিনেতা যাৰ অপৰিসীম ধন-সম্পত্তি থকাৰ পিচতো দেশৰ আটাইতকৈ ধনী অভিনেতা হ’ব নোৱাৰিলে ।

কোন সেইজন ধনী অভিনেতা ?

হয়, সেই অভিনেতাজন আন কোনো নহয়, তেলুগু ছুপাৰষ্টাৰ নাগাৰ্জুন আকিনেনী ৷ নাগাৰ্জুন আকিনেনীয়ে চাৰি দশক ধৰি উদ্যোগটোত কাম কৰি আহিছে । তেওঁ নিজৰ কেৰিয়াৰত বহু ছুপাৰ ডুপাৰ হিট ছবি দিছে । এনে পৰিস্থিতি বিশাল ধন-সম্পত্তিৰ মালিক নাগাৰ্জুন ৷ কিন্তু ইমান ধন-সম্পত্তি থকা স্বত্বেও তেওঁ দেশৰ আটাইতকৈ ধনী অভিনেতা হ’ব পৰা নাই । ফাইনেন্সিয়েল এক্সপ্ৰেছৰ তথ্য অনুসৰি তেলুগু চিনেমাৰ ইতিহাসৰ অন্যতম সফল অভিনেতা নাগাৰ্জুনৰ সম্পত্তিৰ পৰিমাণ ৩৬৪ মিলিয়ন ডলাৰতকৈ অধিক (প্ৰায় ৩১০০ কোটি টকা) ।

নাগাৰ্জুনে ক’ৰ পৰা উপাৰ্জন কৰে ইমান ধন ?

আপুনি হয়তো ভাবিছে নাগাৰ্জুনে কেৱল অভিনয়ৰ পৰা এই ধন উপাৰ্জন কৰিছে ৷ কিন্তু ৬৪ বছৰীয়া নাগাৰ্জুনে কেৱল অভিনয়ৰ পৰাই ইমান ধন উপাৰ্জন কৰা নাই । দৰাচলতে নাগাৰ্জুনৰ উপাৰ্জনৰ এক বৃহৎ অংশ ফিল্ম প্ৰডাকশ্যনকে ধৰি অফ-স্ক্ৰীণ কামৰ পৰা অহা । অভিনয়ৰ পাৰিশ্ৰমিক আৰু বিগ বছ তেলুগু সঞ্চালনা কৰি পোৱা উপাৰ্জনৰ উপৰিও নাগাৰ্জুন এটা ষ্টুডিঅ’ৰ মালিক হোৱাৰ লগতে এগৰাকী চলচ্চিত্ৰ প্ৰযোজকো । ইয়াৰ উপৰিও তেওঁ ৰিয়েল এষ্টেট আৰু নিৰ্মাণ প্ৰতিষ্ঠান এন ৩ ৰিয়েলটি এণ্টাৰপ্ৰাইজৰ মুৰব্বীও । খবৰ অনুসৰি নাগাৰ্জুনৰ মালিকানাধীন সকলো ৰিয়েল এষ্টেটৰ মূল্য প্ৰায় ৮০০ কোটি টকা ।

নাগাৰ্জুন বহু ক্ৰীড়া দলৰ স্বত্বাধিকাৰী

নাগাৰ্জুন ক্ৰীড়াৰ প্ৰতিও যথেষ্ট আগ্ৰহী । আনকি তেওঁ বহু ক্ৰীড়া দলৰ মালিকো । ইয়াৰ ভিতৰত আছে ইণ্ডিয়ান বেডমিণ্টন লীগৰ মুম্বাই মাষ্টাৰছ, এফ আই এম ছুপাৰস্প’ৰ্ট ৱৰ্ল্ড চেম্পিয়নশ্বিপত মাহী ৰেচিং টিম ইণ্ডিয়া আৰু ইণ্ডিয়ান ছুপাৰ লীগত কেৰালা ব্লাষ্টাৰছ এফ চি । প্ৰবীণ অভিনেতাগৰাকীৰ বহু ব্ৰেণ্ডৰ বিজ্ঞাপনো আছে ।

যদি নাগাৰ্জুন নহয় তেন্তে দেশৰ আটাইতকৈ ধনী অভিনেতা কোন ?

অৱশ্যে মুঠ সম্পত্তিৰ পৰিমাণ ৩১০০ কোটি টকা হোৱাৰ পিচতো নাগাৰ্জুন ভাৰতৰ আটাইতকৈ ধনী অভিনেতা নহয় । কিন্তু প্ৰশ্ন হয় দেশৰ আটাইতকৈ ধনী অভিনেতা কোন ? তেওঁ আন কোনো নহয়, বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান ৷ হয়, কিং খান দেশৰ আটাইতকৈ ধনী অভিনেতা । ছুপাৰষ্টাৰগৰাকীৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৬০০০ কোটি টকা, সেয়েহে, তেওঁক বিশ্বৰ ধনী অভিনেতাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয় । নাগাৰ্জুনতকৈ ধনী আন একমাত্ৰ ভাৰতীয় অভিনেতা হৈছে হৃত্বিক ৰোশন, যাৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৩২০০ কোটি টকা বুলি কোৱা হয় ।

লগতে পঢ়ক: দিলীপ যোশী বা ৰূপালী গাংগুলী নহয়, এইজন টিভিৰ আটাইতকৈ ধনী অভিনেতা

Last Updated : February 9, 2024 at 11:21 AM IST