অসম

assam

109 তম মন কি বাত অনুষ্ঠানত ৰাম মন্দিৰৰ প্ৰসংগ

By ANI

Published : Jan 28, 2024, 2:30 PM IST

mann ki baat : ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰসংগই বিশেষ স্থান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীৰ 109 তম মন কি বাত অনুষ্ঠানত ৷

pm modi highlights significance of ram mandir in mann ki baat
109 তম মন কি বাত অনুষ্ঠানত ৰাম মন্দিৰৰ প্ৰসংগ

নিউজ ডেস্ক, 28 ডেস্ক :আজি 109 তম 'মন কি বাত' সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ‘মন কি বাত’ অনুষ্ঠানত অযোধ্যাৰ ৰাম মন্দিৰৰ তাৎপৰ্য আৰু ইয়াক কেনেদৰে ৰাষ্ট্ৰই একত্ৰিত কৰিছিল তাৰ ওপৰত আলোকপাত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে ‘মন কি বাতত’ শেহতীয়াকৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানে দেশক কেনেদৰে একত্ৰিত কৰিছিল সেই সন্দৰ্ভত উল্লেখ কৰে ৷

তেওঁৰ উল্লেখ কৰে যে, ভগৱান ৰামৰ শাসন সংবিধান নিৰ্মাতাসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ আহিছে । ভাৰতৰ সংবিধান ইমান গভীৰ চিন্তা-চৰ্চাৰে প্ৰস্তুত কৰা হৈছে যে ইয়াক প্ৰায়ে জীৱন্ত দস্তাবেজ বুলি কোৱা হয়। নথিখনৰ কেন্দ্ৰ বিবেচিত এই সংবিধানৰ তৃতীয় অধ্যায়ত ভাৰতৰ নাগৰিকৰ মৌলিক অধিকাৰসমূহ বৰ্ণনা কৰা হৈছে । প্ৰধানমন্ত্ৰী প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানে দেশক একত্ৰিত কৰিছে আৰু নাগৰিকসকলক এক উমৈহতীয়া সূতাৰে আৱদ্ধ কৰিছে বুলি উল্লেখ কৰে ৷

ৰাষ্ট্ৰীয় ঐক্য কঢ়িয়াই অনাৰ ক্ষেত্ৰত ভগৱান শ্ৰী ৰামৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, নাগৰিকসকলৰ অনুভূতি একত্ৰিত, ভক্তি একক আৰু ৰামৰ নামৰ সৈতে আলোচনা প্ৰতিধ্বনিত হয়, ৰাম প্ৰতিটো হৃদয়ত বাস কৰে । এই সময়চোৱাত দেশৰ বিভিন্ন প্ৰান্তৰ অসংখ্য ব্যক্তিয়ে ৰামৰ ওচৰত নিজকে সমৰ্পিত কৰিছিল ৷

তেওঁ লগতে কয় যে, 22 জানুৱাৰীৰ সন্ধিয়া সমগ্ৰ দেশে ৰাম জ্যোতিক আলোকিত কৰিছিল আৰু এক সামূহিক দেৱালী উদযাপন কৰা দৃশ্য পৰিলক্ষিত হয় ৷ মন কি বাতৰ 109 তম সংস্কৰণত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ লগতে গণতন্ত্ৰ দিৱসৰ কুচকাৱাজ, খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া, পদ্ম বঁটা আৰু ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপনকে ধৰি গোটেই মাহ জুৰি অনুষ্ঠিত হোৱা মুখ্য ৰাষ্ট্ৰীয় অনুষ্ঠানসমূহৰ বিষয়ে আলোচনা কৰে।

লগতে পঢ়ক :ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ, প্ৰধানমন্ত্ৰীয়ে জনালে শুভেচ্ছা

ABOUT THE AUTHOR

...view details