ETV Bharat / bharat

ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ, প্ৰধানমন্ত্ৰীয়ে জনালে শুভেচ্ছা

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 11:38 AM IST

Updated : Jan 28, 2024, 1:12 PM IST

ৰাজ্যপালক পদত্যাগ দাখিল কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৷ দেওবাৰে বিয়লি 4 বজাত বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত লোৱাৰ সম্ভাৱনা নীতিশ কুমাৰৰ । পদত্যাগ পত্ৰ দাখিল কৰিয়েই INDI মিত্ৰজোঁটক সমালোচনাৰ লক্ষ্য কৰি ল’লে কুমাৰে ৷

পদত্যাগ পত্ৰ দাখিল মুখ্যমন্ত্ৰী
পদত্যাগ পত্ৰ দাখিল মুখ্যমন্ত্ৰী

নেশ্যনেল ডেস্ক, 28 জানুৱাৰী: অন্ত পৰিল উৎকণ্ঠাৰ ৷ অৱশেষত ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৷ ৰাজভৱনত ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছে কুমাৰে । পদত্যাগ পত্ৰ দাখিল কৰিয়েই INDI মিত্ৰজোটক সমালোচনাৰ লক্ষ্য কৰি ল’লে কুমাৰে ৷

পদত্যাগ পত্ৰ জমা দিয়াৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কুমাৰে কয়,"মহাজোটবন্ধনৰ অৱস্থা ভাল নহয় । মিত্ৰশক্তি অন্যমনস্ক হৈ পৰাৰ ফলত একোৱেই হোৱা নাছিল ।"

তেওঁ আৰু লগতে কয়, "আজি মই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছো আৰু মই ৰাজ্যপালকো ৰাজ্য চৰকাৰখন ভংগ কৰিবলৈ কৈছো । একো ভাল হোৱা নাছিল বাবেই এই পৰিস্থিতিৰ উদ্ভৱ হ’ল ৷ সকলোৰে পৰা মতামত শুনিলো । আজি চৰকাৰ ভংগ কৰা হৈছে ।"

কুমাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "ধৈৰ্য ধৰি নজৰ ৰাখিলে কি হৈছে আপুনি জানিব পাৰিব ।" দেওবাৰে বিয়লি প্ৰায় 4 বজাত শপত গ্ৰহণ কৰাৰ সম্ভাৱনা 72 বছৰীয়া ৰাজনীতিবিদগৰাকীৰ । বিহাৰ বিধানসভাত 243 খন আসন আছে য’ত আৰজেডিত 79 গৰাকী বিধায়ক, বিজেপিৰ 78 গৰাকী, জেডিইউৰ 45 গৰাকী, কংগ্ৰেছৰ 19 গৰাকী, চিপিআই (এম-এল)ৰ 12 গৰাকী বিধায়ক আছে ।

দেওবাৰৰ সন্ধিয়া 4 বজাত বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত ল’ব নীতিশ কুমাৰে । শপত গ্ৰহণত উপস্থিত থকাৰ সম্ভাৱনা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰাৰ পিচতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কুমাৰক শুভেচ্ছা জনায় ৷

ইফালে, শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে দেওবাৰে পাটনাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ উল্লেখ্য যে, বিৰোধী মিত্ৰজোঁটৰ অন্যতম এগৰাকী হোৱাৰ পিছতো বিৰোধী মিত্ৰজোঁটৰ মুখ হিচাপে পদোন্নতি নোপোৱাত জেডিইউৰ মুৰব্বীগৰাকী সুখী হোৱা নাছিল বুলি বিভিন্ন মহলত খবৰ ওলাইছিল ।

সাধাৰণ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকাৰ সময়তে নীতিশ কুমাৰৰ এনে সিদ্ধান্তই বিজেপি বিৰোধী ভেটিত প্ৰভাৱ পেলাব বুলিও ৰাজ্যৰ ৰাজনীতিত বিশেষ চৰ্চা হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: জেডিইউৰ বিধায়কৰ সৈতে নীতিশ কুমাৰৰ বৈঠক

Last Updated : Jan 28, 2024, 1:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.