অসম

assam

দিল্লী-গোৱা-গুজৰাট-হাৰিয়ানাত কংগ্ৰেছ আৰু আপৰ মিত্ৰতা: ফৰ্মূলা সাজু

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 8:03 PM IST

AAP Congress Alliance in Delhi : দিল্লীত কংগ্ৰেছ আৰু আম আদমি পাৰ্টীৰ মাজত লোকসভা নিৰ্বাচনৰ মিত্ৰতাৰ সূত্ৰ নিৰ্ধাৰণ কৰা হৈছে । দুয়োটা দলে চাৰিখন ৰাজ্যত একেলগে প্ৰতিদ্বন্দ্বিতা কৰিব । কিন্তু পঞ্জাৱত পৃথকে প্ৰতিদ্বন্দিবিতা কৰিব । অৱশ্যে এতিয়ালৈকে এই বিষয়ত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই । কিন্তু দুয়োটা দলৰ নেতাই এই সূত্ৰটো প্ৰত্যাখ্যান কৰাৰ পৰাও বিৰত আছে ।

দিল্লী, গোৱা, গুজৰাট আৰু হাৰিয়ানাত কংগ্ৰেছ আৰু আপৰ মিত্ৰতা
দিল্লী, গোৱা, গুজৰাট আৰু হাৰিয়ানাত কংগ্ৰেছ আৰু আপৰ মিত্ৰতা

নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰী : দিল্লীৰ সাতখন লোকসভা আসনৰ বাবে আম আদমি পাৰ্টী আৰু কংগ্ৰেছৰ মাজত আসন বুজাবুজিৰ বিষয়টো প্ৰায় সমাধান হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, আম আদমি পাৰ্টীয়ে চাৰিখন আসনত প্ৰাৰ্থী প্ৰদান কৰিব । আনহাতে, কংগ্ৰেছে দিল্লীৰ তিনিখন আসনত প্ৰাৰ্থী প্ৰদান কৰিব । অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা হোৱা নাই । কিন্তু দুয়োটা দলৰ নেতাই এই সূত্ৰটো প্ৰত্যাখ্যান কৰাৰ পৰা বিৰত আছে । বৃহস্পতিবাৰে দিল্লী চৰকাৰৰ মন্ত্ৰী তথা দলৰ জ্যেষ্ঠ নেত্ৰী আতিশীক এই বিষয়ে সোধাত তেওঁ কয়, "শীঘ্ৰেই আসন ভাগ-বাটোৱাৰাৰ আনুষ্ঠানিক ঘোষণা কৰা হ'ব, আপোনালোকে অপেক্ষা কৰক ।"

সূত্ৰ অনুসৰি, কংগ্ৰেছ আৰু আম আদমি পাৰ্টীৰ মাজত আসন বুজাবুজিৰ ক্ষেত্ৰত মিত্ৰতাৰ বাবে কংগ্ৰেছে গুজৰাটত আম আদমি পাৰ্টীক দুখন আসন প্ৰদান কৰিছে । আম আদমি পাৰ্টীৰ প্ৰাৰ্থীয়ে গুজৰাটৰ ভাৰুচ আৰু ভাৱনগৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব । আনহাতে, আম আদমি পাৰ্টীয়ে চণ্ডীগড়ৰ আসনখন কংগ্ৰেছক এৰি দিছে ।

গোৱাৰ ক্ষেত্ৰত আম আদমি পাৰ্টীয়ে ইতিমধ্যে দক্ষিণ গোৱা আসনত প্ৰাৰ্থী ঘোষণা কৰিছিল যদিও এতিয়া আম আদমি পাৰ্টীয়ে এই আসনখন কংগ্ৰেছৰ বাবে এৰি দিব । আনহাতে, কংগ্ৰেছে হাৰিয়ানাত এখন আসন আম আদমি পাৰ্টীক দিব । অৱশ্যে পঞ্জাবৰ বাবে ইতিমধ্যে পৃথক প্ৰতিদ্বন্দ্বিতা ঘোষণা কৰা হৈছে । আপ আৰু কংগ্ৰেছে পঞ্জাবত পৃথকে ১৩ খন লোকসভা আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ।

উল্লেখ্য যে লোকসভা নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনাবৰ বাবে বিৰোধী দলবোৰৰ মাজত আসন বুজাবুজি এক গুৰুত্বপূৰ্ণ বিষয় । এই সন্দৰ্ভত কংগ্ৰেছ আৰু আম আদমি পাৰ্টীৰ মাজত কেইলানিও আলোচনা হয় । ইয়াৰ পূৰ্বে আম আদমি পাৰ্টীয়ে গুজৰাট, গোৱা আৰু অসমৰ লোকসভা আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ।

উল্লেখ্য যে লোকসভা নিৰ্বাচন বিভিন্ন কাৰণত আম আদমি পাৰ্টীৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে । ৰাষ্ট্ৰীয় দল হিচাপে পৰিগণিত হোৱাৰ পিছত আম আদমি পাৰ্টীয়ে ৰাষ্ট্ৰীয় সম্প্ৰসাৰণৰ সম্ভাৱনা অন্বেষণ কৰি আছে । পাঁচখন ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টীৰ প্ৰদৰ্শন ভাল নাছিল । সেয়ে এতিয়া লোকসভা নিৰ্বাচনত পুনৰ প্ৰত্যাৱৰ্তন কৰাটো দলটোৰ বাবে এক প্ৰত্যাহ্বান ।

দিল্লী, পঞ্জাব, গুজৰাট, গোৱা আৰু হাৰিয়ানাত আম আদমি পাৰ্টীয়ে ভাল সুযোগ লাভৰ সম্ভাৱনা আছে বুলি ভাবে । সেয়ে আম আদমি পাৰ্টীয়ে লোকসভা নিৰ্বাচনত উক্ত ৰাজ্যকেইখনত নিজৰ একাউণ্ট খুলি অস্তিত্ব প্ৰদৰ্শন কৰিব বিচাৰে । ইয়াৰ পূৰ্বে 2014 আৰু 2019 চনৰ লোকসভা নিৰ্বাচনত আম আদমি পাৰ্টীয়ে নিজৰ একাউণ্ট খুলিব পৰা নাছিল । দুয়োবাৰেই দলটোৰ প্ৰাৰ্থীয়ে তেওঁলোকৰ আমানতৰ ধনো হেৰুৱাবলগা হৈছিল । দিল্লীত সাতখন লোকসভা আসনৰ আটাইকেইখন বিজেপিৰ দখললৈ যায় । আনহাতে, 7 খন আসনৰ ভিতৰত 5 খনত আম আদমি পাৰ্টী তৃতীয় স্থানত থাকে আৰু মাত্ৰ 18.2 শতাংশ ভোটহে লাভ কৰে । ইফালে কংগ্ৰেছে ২২.৬ শতাংশ আৰু বিজেপিয়ে সাতখন আসনত ৫৬.৯ শতাংশ ভোট লাভ কৰে ।

লগতে পঢ়ক :সপ্তমবাৰলৈ কেজৰিৱালক ইডিৰ চমন

ABOUT THE AUTHOR

...view details