অসম

assam

মন্ত্ৰীৰ পিএৰ ঘৰত কাম কৰা লোকৰ পৰা উদ্ধাৰ ২৫ কোটি টকা - ED raid in Ranchi

By ETV Bharat Assamese Team

Published : May 6, 2024, 11:35 AM IST

ED raid in Ranch i: ঝাৰখণ্ডৰ মন্ত্ৰী আলমগীৰ আলমৰ পিএ সঞ্জীৱ লালৰ ঘৰত কাম কৰা এজন কৰ্মচাৰীৰ ঘৰত উদ্ধাৰ ২৫ কোটি টকা । ইডিয়ে অভিযান চলাই জব্দ কৰে ধনখিনি । কেইবাটাও স্থানত ইডিৰ অভিযান অব্যাহত ।

ED raid in Ranchi
মন্ত্ৰীৰ পিএৰ ঘৰত কাম কৰা লোকৰ পৰা উদ্ধাৰ ২৫ কোটি টকা (ETV BHARAT HINDI)

মন্ত্ৰীৰ পিএৰ ঘৰত কাম কৰা লোকৰ পৰা উদ্ধাৰ ২৫ কোটি টকা (ETV BHARAT HINDI)

নেশ্যনেল ডেস্ক, ৬ মে' : ঝাৰখণ্ডৰ ৰাজধানী চহৰ ৰাঁচীত ইডিৰ বৃহৎ অভিযান । অভিযানত জব্দ ২৫ কোটি টকা । কিন্তু এই বৃহৎ পৰিমাণৰ ধন ক'ৰ পৰা উদ্ধাৰ হৈছে জানেনে ? শুনিলে আপুনিও আচৰিত হ'ব ! সেৱক বা ঘৰৰ কাম কৰা লোকৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে এই ধন । লোকজন জাহাংগীৰ আলম বুলি জানিব পৰা গৈছে ।

জাহাংগীৰে মন্ত্ৰী আলমগীৰ আলমৰ পিএ সঞ্জীৱ লালৰ ঘৰত কাম কৰে । ইডিয়ে পিএ সঞ্জীৱ লাল আৰু জাহাংগীৰৰ ঘৰত এই অভিযান চলায় । ইডিৰ সূত্ৰৰ মতে উদ্ধাৰ হোৱা ধনৰ পৰিমাণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । গণনা বৰ্তমানো চলি আছে । প্ৰাপ্ত তথ্য অনুসৰি, জাহাংগীৰ আলমে ইডিৰ জেৰাত স্বীকাৰ কৰিছে যে এই ধন মন্ত্ৰীজনৰ পিএ সঞ্জীৱ লালৰ । ইতিমধ্যে ইডিয়ে গোচৰটোত তদন্ত অব্যাহত ৰাখিছে ।

তাৎপৰ্যপূৰ্ণভাৱে, ইডিয়ে সোমবাৰে পুৱা ৰাঁচীৰ বহু স্থানত অভিযান চলায় । ইডিয়ে ৰাঁচীৰ ধুৰৱাৰ চেল চিটিকে ধৰি কেইবাটাও স্থানত অভিযান চলাইছে । জানিব পৰা মতে নিলম্বিত মুখ্য অভিযন্তা বীৰেন্দ্ৰ ৰামৰ সৈতে সম্পৰ্কিত এটা গোচৰত ইডিয়ে এই অভিযান চলাইছে । বৰ্তমানেও ইডিৰ অভিযান চলি আছে ।

সঞ্জীৱ লালৰ বাসগৃহতো অভিযান চলি থকাৰ কথা গম পোৱা গৈছে । প্ৰায় ১৬ গৰাকী ইডি বিষয়া এই অভিযানত জড়িত হৈ আছে । পুৱা ৫:৩০ বজাত, ইডিৰ দলটো সঞ্জীৱ লালৰ ঘৰত উপস্থিত হয় আৰু প্ৰাপ্ত তথ্যৰ ভিত্তিত তালাচী চলায় ।

প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ ৰাঁচীৰ চেল চিটি আৰু বডিয়া ৰোডত ইডিৰ অভিযান চলি আছে । তথ্য অনুসৰি, ৰাঁচীৰ চেল চিটিৰ পথ নিৰ্মাণ বিভাগৰ এজন অভিযন্তা বিকাশ কুমাৰৰ বাসগৃহতো ইডিয়ে অভিযান চলাইছে ।

লগতে পঢ়ক :কংগ্ৰেছৰ টকা নাই: প্ৰাৰ্থীয়ে ঘূৰাই দিলে টিকট - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details