ETV Bharat / politics

কংগ্ৰেছৰ টকা নাই: প্ৰাৰ্থীয়ে ঘূৰাই দিলে টিকট - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 10:10 PM IST

Updated : May 4, 2024, 10:24 PM IST

Congress Puri LS Candidate : নিৰ্বাচন খেলিবলৈ প্ৰাৰ্থীক টকা দিব পৰা নাই কংগ্ৰেছে ৷ উদাহৰণ দাঙি ধৰিলে এগৰাকী প্ৰাক্তন সাংসদৰ কন্যাই ৷ পিতৃ সাংসদ আছিল বাবেই হয়তো নিজৰ টকাৰেই নিৰ্বাচন খেলিবলৈ ক’লে দলৰ নেতৃত্বই ৷ দলে ধন নিদিয়ে বাবেই টিকট পায়ো প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি অহাৰ মন কৰিলে এগৰাকী প্ৰাৰ্থীয়ে ৷

Congress Puri LS Candidate
কংগ্ৰেছ প্ৰাৰ্থী সুচাৰিতা মহান্তিয়ে ঘূৰাই দিলে টিকট (ETV BHARAT ODISHA)

নিউজ ডেস্ক, 4 মে’ : পুঁজিৰ অভাৱত কংগ্ৰেছৰ পুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী সুচৰিতা মহন্তই ঘূৰাই দিলে টিকট ৷ দলে পুঁজি আৱন্টন দিয়াৰ বাবে অস্বীকাৰ কৰাত পুৰী সংসদীয় সমষ্টিত প্ৰচাৰ অভিযানত তীব্ৰ বাধাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি দলৰ টিকট ঘূৰাই দিয়ে তেওঁ ৷

সুচাৰিতা মহান্তিয়ে কয়, ''পাৰ্টীয়ে মোক ধন দিব পৰা নাছিল বাবেই মই টিকট ঘূৰাই দিছো ৷ আন এটা কাৰণ হ’ল বিধানসভাৰ সাতটা খণ্ডৰ কিছুমান আসনত বিজয়ী প্ৰাৰ্থীক টিকট আবণ্টন দিয়া হোৱা নাই ৷ তাৰ পৰিৱৰ্তে একাংশ দুৰ্বল প্ৰাৰ্থীয়ে টিকট নিশ্চিত কৰিলে ৷ গতিকে, মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছো ৷''

কংগ্ৰেছৰ প্ৰাক্তন সাংসদ ব্ৰজামোহন মহান্তিৰ কন্যা সুচৰিতা মহান্তিই শুকুৰবাৰে এ আই চি চিৰ সাধাৰণ সম্পাদক (সংগঠন) কে চি ভেনুগোপাললৈ প্ৰেৰণ কৰা মেইলযোগে দাবী কৰে যে দলটোৱে পুঁজিৰ অস্বীকাৰ কৰাৰ বাবেই পুৰী লোকসভা সমষ্টিত তেওঁৰ প্ৰচাৰ অভিযানত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷

''পুৰী সংসদীয় সমষ্টিত আমাৰ প্ৰচাৰ অভিযানত যথেষ্ট অসুবিধা হৈছে, কাৰণ দলে মোক ধনৰ পৰা বঞ্চিত কৰিছে ৷ এ আই চি চিৰ ওড়িশাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰে মোক কঠোৰভাৱে নিজৰ সম্পদৰ পৰা নিৰ্বাচন যুঁজিবলৈ কৈছিল ৷ মই আছিলোঁ এগৰাকী সাংবাদিক, 10 বছৰ পূৰ্বে ৰাজনীতিত ভৰি দিছিলো ৷ মই পুৰীত মোৰ প্ৰচাৰত মোৰ যিমানখিনি আছে সেইখিনি দিছো ৷ মই এতিয়ালৈকে বিশেষ সফলতা অবিহনে প্ৰগতিশীল ৰাজনীতিৰ বাবে মোৰ প্ৰচাৰ অভিযানক সমৰ্থন কৰিবলৈ ৰাজহুৱা অনুদান অভিযানৰ চেষ্টা কৰিছিলো ৷ মই প্ৰক্ষেপিত প্ৰচাৰৰ ব্যয় নিম্নতম হ্ৰাস কৰিবলৈ চেষ্টা কৰিছিলো, কিন্তু বৃথা"- তেওঁ কয় ৷

যিহেতু তেওঁ নিজাববীয়াকৈ ধন সংগ্ৰহ কৰিব পৰা নাছিল, সেয়েহে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে পুৰী লোকসভা সমষ্টিত এক প্ৰভাৱশালী প্ৰচাৰৰ বাবে ধন বিচাৰি দলৰ কেন্দ্ৰীয় নেতৃত্বকে ধৰি সকলো জ্যেষ্ঠ নেতাৰ কাষ চাপিছিল ৷

"এইটো স্পষ্ট যে কেৱল পুঁজিৰ সংকটে আমাক পুৰীত বিজয়ী অভিযানৰ পৰা আঁতৰাই ৰাখিছে ৷ মই দুঃখিত যে দলৰ পুঁজি অবিহনে পুৰীত প্ৰচাৰ চলোৱাটো সম্ভৱ নহ'ব ৷ সেয়েহে, মই ইয়াৰ সৈতে পুৰী লোকসভা সমষ্টিৰ বাবে দলৰ টিকট ঘূৰাই দিওঁ ৷" তেওঁ এ আই চি চিলৈ লিখা মেইলত এইদৰে কয় ৷ অৱশ্যে, মহান্তিয়ে কয় যে তেওঁ এগৰাকী নিষ্ঠাৱান কংগ্ৰেছ কৰ্মী হৈ থাকিব আৰু তেওঁৰ নেতা হৈছে ৰাহুল গান্ধী ৷

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে অনুভৱ কৰিছিল যে পুঁজিৰ অভাৱৰ বাবে জনমুখী প্ৰচাৰ সম্ভৱ নহয় ৷ দলটোও ইয়াৰ বাবে দায়বদ্ধ নহয় কিয়নো বিজেপি চৰকাৰে দলটোক পঙ্গু কৰি তুলিছে ৷ ব্যয়ৰ ওপৰত যথেষ্ট প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে আৰু বহুতো বেংক একাউণ্ট ফ্ৰীজ কৰা হৈছে বুলি তেওঁ অভিযোগ কৰে ৷

ওড়িশাৰ এ আই চি চিৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰে কয়, "মহান্তিয়ে কৈছে যে কোনো ধৰণৰ পুঁজিৰ ব্যৱস্থা কৰা হোৱা নাই আৰু দুৰ্বল বিধায়ক প্ৰাৰ্থীক টিকট আবণ্টন দিয়া হৈছে ৷ দলে বিধায়ক আসনৰ বাবে শ্ৰেষ্ঠ সকলক মনোনীত কৰিছে আৰু এজন প্ৰাৰ্থীক পুঁজিৰ ব্যৱস্থা কৰা হ'ব যেতিয়া মনোনীত ব্যক্তিয়ে অভিযান আৰম্ভ কৰে আৰু তৃণমূল পৰ্যায়ত শক্তিশালীভাৱে যুঁজ দিয়ে ৷"

তেওঁ কোনো ধৰণৰ ধন প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷ কিন্তু, যেতিয়া তেওঁ দলৰ টিকট বিচাৰিছিল, তেতিয়া মহান্তিয়ে কৈছিল যে তেওঁ গুৰুত্বপূৰ্ণভাৱে নিৰ্বাচনত যুঁজিব- কুমাৰে সোঁৱৰাই দিয়ে ৷ ইতিমধ্যে দলটোৱে পুৰী সমষ্টিৰ প্ৰাৰ্থী সলনি কৰাৰ সিদ্ধান্তক লৈ কংগ্ৰেছ হাইকমাণ্ডৰ ওচৰত এটা প্ৰস্তাৱ দাখিল কৰে ৷ অতি শীঘ্ৰে নতুন প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ’ব বুলিও তেওঁ অৱগত কৰে ৷

সুচৰিতাক কংগ্ৰেছে পুৰী লোকসভা আসনৰ পৰা বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ আৰু মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত বিজেডি প্ৰাৰ্থী অৰূপ পাটনায়কৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল ৷

লগতে পঢ়ক : নিৰ্বাচনী প্ৰচাৰ সভাত নেহৰু-গান্ধী পৰিয়ালক তীব্ৰ আক্ৰমণ কংগনাৰ - Lok Sabha Election 2024

Last Updated : May 4, 2024, 10:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.