মেষ ৰাশি:আজি গোটেই দিনটো মনত এক অশান্তি চলি থাকিব ৷ আজি আপুনি আপোনাৰ আৱেগ আৰু অনুভূতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব নোৱাৰিব ৷ মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়ক ৷ সম্পত্তি সম্বন্ধীয় কাজিয়া বিবাদত নোসোমাব ৷ গাড়ী সাৱধানে চলাব ৷ নদী-পুখুৰী আদিৰ পৰা দূৰত থাকক ৷ শিক্ষক আৰু পণ্ডিতসকলৰ বাবে দিনটো অন্যান্য দিনৰ দৰেই থাকিব ৷
বৃষ ৰাশি:আজি দিনটো আপুনি সুস্থ-সবল আৰু উৎসাহ-উদ্দীপনাৰে পৰিপূৰ্ণ হৈ থাকিব ৷ আজি আপুনি আৱেগিকভাৱে অনুপ্ৰাণিত হৈ থাকিব ৷ আজি আপুনি কল্পনাবিলাসী আৰু সৃজনশীল হৈ থাকিব, আৰু আপুনি নিজৰ স্বৰ্গৰাজ্যত বিচৰণ কৰিব ৷ আজি আপুনি পৰিয়ালৰ প্ৰতি আকৃষ্ট হ’ব আৰু পৰিয়ালৰ লোকৰ সৈতে থাকি আনন্দ পাব ৷ আৰ্থিক বিষয়বোৰ আপোনাৰ মূল বিষয় হৈ উঠিব ৷ প্ৰেয়সী-প্ৰিয়জনৰ সৈতে সময় কটাব পাৰে ৷ সুস্বাদু খাদ্য গ্ৰহণ কৰাৰ যোগ আছে ৷
মিথুন ৰাশি:আপুনি সময়মতে কোনো কাম শেষ কৰিব নোৱাৰিব, কাম কৰিবলৈ যাওঁতে বাধাৰ সন্মূখীন হোৱাৰ লগতে আৰু কিবা নহয় কিবা কাৰণত কামত পলম হৈ থাকিব ৷ আৰ্থিক দিশত বাধা ৷ কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ অন্যান্য দিনৰ দৰেই ৷ সহকৰ্মীসকলে আপোনাৰ সৈতে স্বাভাৱিক আচৰণ কৰিব ৷ বন্ধু আৰু শুভাকাংক্ষীসকলৰ সৈতে থাকি আপোনাৰ ভাল লাগিব ৷
কৰ্কট ৰাশি:আনন্দ, হাঁহি-ফুৰ্তি, উলহ-মালহেৰে আজিৰ দিনটো আপুনি বন্ধু আৰু সতীৰ্থসকলৰ সৈতে পাৰ কৰি দিব ৷ ভ্ৰমণৰ যোগ আছে ৷ সুখাদ্য আৰু মিঠাই ভোজন কৰিব পাৰে ৷ আজি আপুনি অত্যধিক আৱেগিক আৰু সংবেদনশীল হৈ থাকিব ৷ আৰ্থিক লাভ হ’ব পাৰে ৷
সিংহ ৰাশি: আজি আপুনি প্ৰবল অনুভূতিপ্ৰৱণ হৈ থাকিব, যাৰ ফলত আপুনি মানসিকভাৱে অস্থিৰ আৰু অধৈৰ্য হৈ থাকিব ৷ নাৰীৰ সৈতে কথা পতাৰ সময়ত কৌশল অৱলম্বন কৰি চলিব ৷ কাৰো হৈ কোনো কথা নক’ব বা কাৰো হৈ কোনো কথা নিদিব ৷ তৰ্ক বিবাদৰ পৰা দূৰত থাকক ৷ আইনী বিষয়বোৰ অত্যধিক সাৱধানতাৰে চম্ভালি লওঁক ৷ সংবেদনশীল আৰু পক্ষপাতহীন আচৰণ কৰক ৷ ব্যয় নিয়ন্ত্ৰণৰ বাহিৰত গুচি যাব ৷
কন্যা ৰাশি: আজিৰ দিনটো সুখ-শান্তি আৰু পৰিতৃপ্তিৰে পৰিপূৰ্ণ হৈ থাকিব ৷ সকলো ক্ষেত্ৰৰ পৰা লাভবান হ’ব ৷ এই ক্ষেত্ৰত সহায়কৰ ভূমিকা পালন কৰিব পাৰে বান্ধৱীসকলে ৷ বন্ধুসকলৰ সৈতে নৈসৰ্গিক স্থানত ফুৰিবলৈ যোৱাৰ যোগ আছে ৷ সন্তানৰ পৰা সু-সংবাদ পোৱাৰ আশা আছে ৷