অসম

assam

দিল্লীক ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনলৈ অনাৰ চেষ্টা চলাইছে বিজেপিয়ে : আপৰ বিধায়ক - DELHI CM ARVIND KEJRIWAL

By PTI

Published : Apr 9, 2024, 7:46 AM IST

ED ARRESTED KEJRIWAL : ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মাত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ৷ এই সময়খিনিত বিজেপিয়ে ৰাজধানীখনক ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনলৈ অনাৰ চেষ্টা কৰি আছে ৷ দিল্লী বিধানসভাত এই অভিযোগ কৰে আপৰ কেবাজনো বিধায়কে ৷

দিল্লীক ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনলৈ অনাৰ চেষ্টা চলাইছে বিজেপিয়ে : আপৰ বিধায়ক
দিল্লীক ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনলৈ অনাৰ চেষ্টা চলাইছে বিজেপিয়ে : আপৰ বিধায়ক

নেশ্যনেল ডেস্ক, ৯ জানুৱাৰী :‘‘মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিচতে বিজেপিয়ে ৰাষ্ট্ৰীয় ৰাজধানীখনক ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনলৈ অনাৰ চেষ্টা চলাইছে ।’’ সোমবাৰে দিল্লী বিধানসভাত এই অভিযোগ কৰে আপৰ বিধায়কসকলে ৷

দিল্লীত অসাংবিধানিকভাৱে ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ চেষ্টা কৰা সন্দৰ্ভত আলোচনাৰ চলি থকাৰ সময়তে কস্তুৰবা নগৰৰ আপৰ বিধায়ক মদন লালে দাবী কৰে যে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিচত বিজেপিয়ে তেওঁক মুখ্যমন্ত্ৰীৰ আসনৰ পৰা পদত্যাগ কৰিবলৈ চেষ্টা চলাই আছে ।

তেওঁ কয় যে দিল্লীত জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ য’ত দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ বিনয় কুমাৰ ছাক্সেনা (VK Saxena)ই কৈছে যে তেওঁ কেজৰিৱালক জেলৰ পৰা চৰকাৰ চলাবলৈ নিদিয়ে । আপৰ বিধায়কসকলে দাবী কৰে যে দিল্লীৰ মুখ্যমন্ত্ৰীক জেলৰ পৰা চৰকাৰ চলোৱাত কোনো আইনৰ দ্বাৰা বাধা দিয়া হোৱা নাই ।

ইয়াৰ মাজতে আপৰ বিধায়ক মদন লালে দাবী কৰে যে দিল্লীত ৰাষ্ট্ৰপতি শাসনৰ উৰাবাতৰি বিয়পি পৰিছে আপক ভয় খুৱাবলৈ । আন এগৰাকী আপৰ বিধায়ক বি এছ জুনে কয় যে দিল্লী বিধানসভা ভংগ হ’ব বুলি দাবী কৰি একাংশ লোকে আতংকৰ সৃষ্টি কৰিছে ৷

তেওঁ আৰু কয় যে দিল্লীত কোনো সাংবিধানিক সংকট দেখা দিয়া নাই । লগতে জুনে কয় যে দিল্লী উচ্চ ন্যায়ালয়ে মুখ্যমন্ত্ৰীক পদৰ পৰা অপসাৰণৰ বাবে কৰা পিআইএল (PIL) ইতিমধ্যে নাকচ কৰিছে । মডেল টাউনৰ আপৰ বিধায়ক অখিলেশ পাতি ত্ৰিপাঠীয়ে কয় যে কেজৰিৱালক ‘ভুৱা’ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল যদিও আপে বিজেপিৰ হেঁচাৰ বলি নহ’ব আৰু কেজৰিৱাল মুখ্যমন্ত্ৰী হিচাপেই আজিৰ দৰেই থাকিব ৷

উল্লেখ্য যে, কেজৰিৱালক আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ২১ মাৰ্চত বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছিল । তেওঁ ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মাত আছে ।

লগতে পঢ়ক :১৫ এপ্ৰিললৈ তিহাৰ কাৰাগাৰৰ আলহী হ’ল কেজৰিৱাল - Kejriwal ED custody

ABOUT THE AUTHOR

...view details