Bridge turns into death trap: এখন ভঙা দলং আৰু বিপদসংকুল জনজীৱন

By

Published : Feb 14, 2022, 5:23 PM IST

Updated : Feb 3, 2023, 8:12 PM IST

thumbnail

সমাগত ৰাজ্যৰ পৌৰসভা নিৰ্বাচন ৷ ইতিমধ্যে আৰম্ভ হৈছে শাসক-বিৰোধী সকলোৰে উন্নয়নৰ ঢাক-ঢোল কোবোৱা এক অঘোষিত প্ৰতিযোগিতা ৷ পিছে উন্নয়নৰ অধিক ঢাক-ঢোল বজোৱা বৰ্তমানৰ চৰকাৰৰ দিনটেই পোহৰলৈ আহিছে উন্নয়নৰ বিপৰীত এখন প্ৰতিচ্ছবিহে ৷ কি ৰাজপথ, কি চিকিৎসালয়, কি চৰকাৰী আঁচনি-সকলোতে কেৱল দুৰ্নীতিৰ অভিযোগ ৷ শেহতীয়াকৈ বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বালাৰচৰত এখন ভঙা বাঁহৰ দলঙে উদঙাইছে উন্নয়নৰ মূল প্ৰতিচ্ছবি ৷ প্ৰায় 6/7 বছৰ পূৰ্বে মানাহ নৈৰ সুঁতিৰ ওপৰত 26 লাখ টকা ব্যয় সাপেক্ষে এখন পকী দলং নিৰ্মাণ হৈছিল যদিও দলংখন বিজ্ঞানসন্মত পদ্ধতিৰে নিৰ্মাণ নোহোৱাত নিৰ্মাণৰ কিছুদিন পিছতেই পানীৰ সোঁতে বগৰাই পেলায় । তাৰ পিছৰ পৰাই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ লগতে প্ৰায় 4/5 খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে বিপদসংকুল ভাবে যাতায়ত অব্যাহত ৰাখিছে (Wooden bridge in Bongaigaon turns into death trap) । ঠাইখনত পুনৰ বিজ্ঞানসন্মত পদ্ধতিৰে এখন দলং নিৰ্মাণ কৰাৰ বাবে ৰাইজে স্থানীয় জনপ্ৰতিনিধি তথা চৰকাৰক দাবী জনাই আহিছে যদিও আজিলৈকে নিৰ্মাণ নহ’ল দলং । ফলত স্থানীয় ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী সকলে এইদৰে বিপদসংকুল যাতায়ত কৰিব লগা হৈছে । সেই স্থানত শীঘ্ৰেই এখন উন্নত দলং নিৰ্মাণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে চৰকাৰক দাবী জনাইছে ৷

Last Updated : Feb 3, 2023, 8:12 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.