বেঁকী নৈৰ দলঙৰ তলত ড্ৰাগছৰ মুকলি বেহা

By

Published : Jun 18, 2021, 9:29 PM IST

thumbnail

ৰাজ্যত এতিয়া ড্ৰাগছৰ উজান উঠিছে ৷ প্ৰতিদিনে প্ৰতিখন জিলাৰ পৰা আৰক্ষীয়ে ড্ৰাগছ সহ আটক কৰিছে ড্ৰাগছ সৰবৰাহকাৰীক ৷ বৰপেটা ৰোড আৰু সৰভোগৰ মাজৰ বেঁকী নৈত থকা দলঙৰ তলত একাংশই নিতৌ সেৱন কৰে গাঞ্জা-ড্ৰাগছ । বিভিন্ন ঠাইৰ পৰা অহা যুৱক সকলে এই ঠাইত আহি সেৱন কৰে গাঞ্জা-ড্ৰাগছ । শুকুৰবাৰে সাংবাদিকৰ কেমেৰাত বন্দী হয় গাঞ্জা-ড্ৰাগছ সেৱন কৰা এক ভয়ানক দৃশ্য ৷ সাংবাদিকৰ কেমেৰা দেখি উক্ত স্থানৰ পৰা পলায়ন কৰে ড্ৰাগছ আসক্ত যুৱক সকলে । দীৰ্ঘদিন ধৰি উক্ত ঠাই খিনিত ড্ৰাগছ, গাঞ্জা আদিৰ লগতে বিভিন্ন অনৈতিক কাৰ্য সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । এই ক্ষেত্ৰত আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.