আৰক্ষীৰ জালত হেৰ’ইনসহ দুই মহিলা সৰবৰাহকাৰী

By

Published : Oct 7, 2022, 8:58 PM IST

thumbnail

বোকাজানত আৰক্ষীৰ জালত হেৰ’ইনসহ দুই মহিলা সৰবৰাহকাৰী (Two drug peddler woman arrested) । শুকুৰবাৰে বিয়লিভাগত আৰক্ষীয়ে অভিযান চলাই জালত পেলাই বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ দুগৰাকী মহিলাক (Huge amount of drugs seized in Bokajan) । প্ৰাপ্ত তথ্য অনুসৰি শুকুৰবাৰে দিনৰভাগত কাৰ্বি আংলং আৰক্ষী, বোকাজান ৰেল আৰক্ষী আৰু CRPF ৰ এক যুটীয়া বাহিনীয়ে বোকাজান ৰে'ল ষ্টেচনত তালাচী চলাই দুগৰাকী মহিলাৰ পৰা ২০ টা চাবোনৰ বাকচত সুমুৱাই অনা অৱস্থাত বুজন পৰিমাণৰ হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয় (Drugs paddler arrested with drugs) । ধৃত মহিলা সৰবৰাহকাৰী দুগৰাকী ক্ৰমে গোলাঘাট জিলাৰ মেৰাপানীৰ মনীষা সন্দিকৈ আৰু ডিমাপুৰ হাফ নগৰজানৰ ৰিংকি দাস বুলি জানিব পৰা গৈছে । ইয়াৰে ৰিংকি দাস নামৰ সৰবৰাহকাৰী গৰাকীৰ সৈতে এটি কণমানি শিশু থকা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.