পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি কলগাছিয়াত তীব্ৰ উত্তেজনা

By

Published : Sep 2, 2022, 3:18 PM IST

thumbnail

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাচাংগা গাঁৱত শুকুৰবাৰে পুৱাৰভাগত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা(Road accident in Kalgachia) । ট্ৰেক্টৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো । শিল ভৰ্তি ট্ৰেক্টৰে মহতিয়াই নিলে বাইক আৰোহী যুৱকক । দুৰ্ঘটনাত নিহত লাচাংগা গাঁৱৰ আকবৰ অলীৰ পুত্র ফুজাইল কৰিম নামৰ যুৱকজন(One dead in accident) । ঘৰৰ পৰা AS26 B9013 নম্বৰৰ বাইকেৰে গৈ থাকোঁতেই শিল কঢ়িওৱা AS15 C5940 নম্বৰৰ ট্ৰেক্টখনে যুৱকজনক মহতিয়াই নিয়ে । ফলত থিতাতে মৃত্যু হয় যুৱকজনৰ । ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে ট্ৰেক্টৰৰ চালকজনে পলায়ন কৰাত যদিও উত্তেজিত ৰাইজে ট্ৰেক্টৰত থকা শ্ৰমিকক আটক কৰি ৰাখে । ইফালে ট্ৰেক্টৰ চালকৰ কোনো অনুজ্ঞাপত্ৰ নাই বুলিও জানিব পৰা গৈছে । ঘটনাৰ উচিত তদন্ত কৰি অনুজ্ঞাহীন ট্ৰেক্টৰক নাকি লগোৱাৰ লগতে উদণ্ড চালকক কঠোৰ শাস্তি দিয়াৰ উপৰি মৃত্যু হোৱা যুৱকৰ পৰিয়ালক এককালীন সাহাৰ্য্য প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.