বিধায়ক জামাল উদ্দিন আহমেদৰ মৃত্যুত শোক প্ৰকাশ কমলাক্ষ দে পুৰকায়স্থৰ

By

Published : Jan 27, 2021, 11:53 AM IST

thumbnail

বদৰপুৰৰ কংগ্ৰেছৰ বিধায়ক জামাল উদ্দিন আহমেদৰ বিয়োগত গভীৰ সমবেদনা ব্যক্ত কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ৷ বদৰপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জামাল উদ্দিন আহমেদৰ দেহাৱসান ৷ 26 জানুৱাৰীৰ নিশা হঠাৎ অসুস্থ হৈ পৰা বিধায়কগৰাকীক ভৰ্তি কৰোৱা হয় কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ৷ কিন্তু তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসকে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱাৰ নিৰ্দেশ দিয়ে ৷ কিন্তু শিলচৰলৈ নিয়াৰ যো-জা চলাওঁতেই কৰিমগঞ্জ অসামৰিক চিকিৎসালয়তে মৃত্যুক আঁকোৱালি লয় বিধায়ক গৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.