কলগাছিয়াত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাঃ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ

By

Published : Sep 24, 2022, 4:20 PM IST

thumbnail

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰপেটা অসামৰিক চিকিৎসালয়ৰ সমীপৰ শুক্ৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident in Kalgachia) । জানিব পৰা মতে কলগাছিয়াৰ পৰা ই-ৰিক্সাৰে বালাৰপথাৰ অভিমুখে গৈ থকা অৱস্থাত পিছফালৰ পৰা AS 19 R 3294 নম্বৰৰ এখন তীব্ৰবেগী KTM বাইকে নিয়ন্ত্ৰণ হেৰুৱাই ই-ৰিক্সাৰ পিছফালে খুন্দা মৰাত বাইকত থকা দুজন লোক গুৰুত্বৰ ভাৱে আহত হয় । ইফালে ই-ৰিক্সাখন ৭/৮ জন যাত্ৰীসহ দ খাৱৈত বাগৰি পৰাত ই-ৰিক্সাৰ যাত্ৰী কেইজনো কম বেছি পৰিমানে আঘাটপ্ৰাপ্ত হৈ আহত হয়(Several injured in road accident) । উক্ত ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে এজন অচিনাকি যুৱকক স্থানীয় ৰাইজে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে । পৰৱৰ্তা সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.