উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত জিলিকিল গুৱাহাটীৰ এখন ব্যতিক্ৰমী শিক্ষানুষ্ঠান

By

Published : Jun 28, 2022, 2:16 PM IST

thumbnail
()

সোমাবাৰে ৰাজ্যজুৰি ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাৰ ফলাফল(HS Result 2022) । এইবাৰৰ ফলাফলত জিলিকিল মহানগৰীৰ এখন ব্যতিক্ৰমী শিক্ষানুষ্ঠান । শিক্ষানুষ্ঠানখন হ'ল তেতেলীয়াস্থিত পূৰ্বোত্তৰ প্ৰতিবন্ধী শিক্ষানুষ্ঠান(Success of Tetelia disabled educational institution) । উল্লেখ্য যে, এইবাৰৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ বৃত্তিমূলক শাখাত অৱতীৰ্ণ হৈছিল শিক্ষানুষ্ঠানখনৰ বিশেষভাৱে সক্ষম ১৩ গৰাকী শিক্ষাৰ্থীয়ে । ইয়াৰে ২ গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে আন ১১ গৰাকী উত্তীৰ্ণ হয় দ্বিতীয় বিভাগত । শিক্ষাৰ্থীসকলৰ এই ফলাফলক লৈ প্ৰতিষ্ঠানখনত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ । মেধাবী শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলে তেঁওলোকৰ সন্তানৰ সফলতাৰ বাবে আনন্দ প্ৰকাশ কৰাৰ লগতে কলেজ কৰ্তৃপক্ষক ধনবাদ জ্ঞাপন কৰে । ইফালে কলেজৰ শিক্ষকসকলে জনোৱা মতে ২০১৭ চনৰ পৰা এই ডিগ্ৰী কলেজখন আৰম্ভ কৰা হৈছিল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.