স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে মায়াশ্ৰী দত্তই

By

Published : Feb 21, 2021, 7:49 PM IST

thumbnail

আমগুৰিত আৰ্থিক স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে এগৰাকী মহিলাই ৷ কালুগাঁও নামতিয়ালৰ মায়াশ্ৰী দত্ত নামৰ মহিলাগৰাকীয়ে কৰ্মসংস্থাপনৰ অনন্য নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে । নিজা গৃহতে বৈজ্ঞানিক পদ্ধতিৰে ব্যৱসায়িক ভিত্তিত গাহৰি পালন আৰু পোৱালি জন্ম দিয়াকে ধৰি গৰু, হাঁহ, কুকুৰা পালন কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে ৷ দুবছৰৰ পূৰ্বে স্বামীহাৰা হোৱা মহিলাগৰাকীয়ে পুত্ৰ আৰু কন্যাক নিজাকৈ অৰ্থ উপাৰ্জনেৰে শিক্ষা গ্ৰহণ কৰোৱাৰ লগতে অন্য মহিলাৰ বাবেও এক নিদৰ্শন দাঙি ধৰিছে । ৰাজ্যৰ পশুপালন বিভাগ অথবা বেংক ব্যৱস্থাই কোনো ধৰণৰ সহায় কৰা নাই মহিলাগৰাকীক । যাৰ ফলত গাহৰি ফাৰ্মখন অধিক আগবঢ়ায় নিয়াত আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে বুলি প্ৰকাশ কৰে মহিলাগৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.