এছএছবি তেজপুৰ ফ্ৰণ্টিয়াৰৰ মহা পৰিদৰ্শক প্ৰদীপ কুমাৰ গুপ্তাৰে বিশেষ সাক্ষাৎকাৰ...

By

Published : Jun 26, 2021, 4:57 PM IST

thumbnail

সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বি (SSB)ৰ তেজপুৰ ফ্ৰণ্টিয়াৰে শনিবাৰে উদযাপন কৰিছে ষষ্ঠ প্ৰতিষ্ঠা দিৱস ৷ 2015 চনৰ 26 জুনত স্থাপন কৰা হৈছিল তেজপুৰ ফ্ৰণ্টিয়াৰ ৷ এই শুভক্ষণত ফ্ৰণ্টিয়াৰ তেজপুৰৰ মহা পৰিদৰ্শক প্ৰদীপ কুমাৰ গুপ্তাই ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কয় যে, ভাৰতত দুটা গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সীমা সুৰক্ষাৰ দায়িত্ব পালন কৰি থকাৰ উপৰিও ভাৰত-ভূটান আৰু ভাৰত-চীন সীমান্তৰ বৰ্তমান দায়িত্বত আছে এছ এছ বি (SSB)ৰ তেজপুৰ ফ্ৰণ্টিয়াৰ ৷ অন্যান্য সুৰক্ষা বিভাগৰ লগতে ভাৰত-ভূটান, চীন ট্ৰাই জংচন সীমান্তত কটকটীয়া নিৰাপত্তা বেষ্টনীৰে এছ এছ বি(SSB) য়ে কৰ্তব্য পালন কৰি আছে ৷ এই সুৰক্ষা বাহিনীৰ 8 টা বেটালিয়ান ভাৰত-ভূটান সীমান্ত আৰু অতিৰিক্ত এটা বেটালিয়ান ভাৰতৰ চীন সীমান্তত আছে ৷ সীমান্তত বৰ্তমান শক্তিশালী ৰূপত সম্পূৰ্ণ সষ্টম হৈ আছে এছ এছ বি ৷ কিন্তু বাহিনীৰ মোতায়েনৰ ক্ষেত্ৰত তথ্য জনোৱাৰ পৰা বিৰত থাকিল এছ এছ বি(SSB) ফ্ৰণ্টিয়াৰ তেজপুৰৰ মহা পৰিদৰ্শক প্ৰদীপ কুমাৰ গুপ্তা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.