আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত চলিছে মুকলি বেহা

By

Published : Sep 14, 2021, 8:19 PM IST

thumbnail

চামগুৰিৰ ভেলেউগুৰি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত সম্প্ৰতি আধাৰ কাৰ্ড বনোৱাৰ নামত এখন মুকলি বেহা চলাৰ অভিযোগ উত্থাপন হৈছে ৷ আধাৰ বনোৱা কেন্দ্ৰত মুকলি বেহা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷ একোখন আধাৰ কাৰ্ডৰ বনোৱাৰ নামত 100ৰ পৰা 500 টকা পৰ্যন্ত লোৱাৰ অভিযোগ উত্থাপন হৈছে সাধাৰণ ৰাইজৰ পৰা ৷ এখন আধাৰ কাৰ্ড বনোৱাৰ বাবদ কৃষক, শ্ৰমিক ,দুখীয়া-নিচলা সকলোৱে দালালক দিব লগীয়া হয় বৃহৎ পৰিমাণৰ ধন ৷ একেদৰে এই অভিযোগ উত্থাপন হৈছে ৰূপহী সমবায় সমিতিৰ অধীনস্থ আধাৰ কেন্দ্ৰ সমূহতো ৷ ইপিনে এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.