Cloth Distribution by Red Cross Society: মহানগৰীত ৰেডক্ৰছ ছ’চাইটিৰ উদ্যোগত বস্ত্ৰ বিতৰণ

By

Published : Dec 18, 2021, 10:24 PM IST

Updated : Dec 19, 2021, 10:26 AM IST

thumbnail

শুকুৰবাৰে ভাৰতীয় ৰেডক্ৰছ ছ’চাইটিৰ উদ্যোগত গুৱাহাটীত ন-পুৰণি বস্ত্ৰ বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Cloth Distribution by Red Cross Society) ৷ গুৱাহাটী জিলা শাখাৰ ৰেডক্ৰছ বস্ত্ৰ নিধি প্ৰকল্পৰ অধীনত মহানগৰীৰ গান্ধীবস্তিত ন-পুৰণি কাপোৰ বিতৰণ কৰি এই কাৰ্যৰ আৰম্ভণি কৰা হয় ৷ অনুষ্ঠানত গুৱাহাটী শাখাৰ উপাধ্যক্ষ কৰুণাকান্ত লহকৰ উপস্থিত থাকে ৷ প্ৰত্যেক শনিবাৰে এই বস্ত্ৰ বিতৰণ কাৰ্যসূচী নিৰ্ধাৰণ কৰিছে ৰেডক্ৰছ ছ’চাইটিয়ে ৷ শুকুৰবাৰে সম্পন্ন এই অনুষ্ঠানত 25 ৰো অধিক লোকক কাপোৰ যোগান ধৰা হয় (red cross society distributes clothes among needy) ৷ ইচ্ছুকসকলে আৰ্তজনক উদ্দেশ্যি বস্ত্ৰ নিধিলৈ ন-পুৰণি কাপোৰ দিবৰ বাবে যোগাযোগ কৰিব পাৰে ৰেডক্ৰছৰ গুৱাহাটী জিলা শাখাক ৷ কোষাধ্যক্ষ দীপক কুমাৰ বৰুৱাৰ লগতে শাখাৰ সদস্যসকলৰ উপস্থিতিত অনুষ্ঠানটো সুকলমে অনুষ্ঠিত হয় ৷

Last Updated : Dec 19, 2021, 10:26 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.