তিনিচুকীয়াত জল জীৱন আঁচনিৰ কামৰ বুজ ল'লে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

By

Published : Sep 20, 2021, 7:57 PM IST

thumbnail

সোমবাৰে তিনিচুকীয়াত উপস্থিত হয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী । মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মন্ত্ৰীত্ব পোৱাৰ পিছত পোন প্ৰথমবাৰৰ বাবে উপস্থিত হয় তিনিচুকীয়া জিলাত । উপস্থিত হোৱাৰ পাচতে ৰণজিৎ কুমাৰ দাসে তিনিচুকীয়া জিলাৰ বিধায়কসকলৰ লগতে চাবুৱা সমিতিৰ বিধায়ক পোনাকণ বৰুৱাৰ লগতে কেইবাজনো ব্যক্তিৰ লগত বিভিন্ন দিশৰ ওপৰত পৰ্যালোচনা কৰে । প্ৰধানমন্ত্ৰী জল জীৱন আঁচনিৰ অধীনত চলি থকা ৯২৭ টা প্ৰজেক্টৰ কামৰ বিষয়ে বুজ লোৱাৰ লগতে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ওপৰতো আলোচনা কৰে মন্ত্ৰী গৰাকীয়ে । আনহাতে জিলাখনৰ কেইবাজনো গাঁও পঞ্চায়তৰ সভাপতিক সাক্ষাৎ কৰে মন্ত্ৰী ৰণজিৎ দাসে । তিনিচুকীয়াৰ সাংবাদিক সকলক সাক্ষাৎ কৰি চলি থকা মূল্যবৃদ্ধি আৰু চাউলৰ কলা ব্যৱসায়ৰ ওপৰতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.