দেখহ শুনহ : দিনৰ 11 বজালৈ কৰ্মচাৰী উপস্থিত নোহোৱা কাৰ্যালয়ৰ আখ্যান

By

Published : Sep 14, 2021, 9:56 PM IST

thumbnail

দিনৰ ১১ বজালৈ কাৰ্যালয়ত উপস্থিত নহয় নলবাৰীত একাংশ চৰকাৰী কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী ৷ খোদ নলবাৰীৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে নামানে চৰকাৰী নিৰ্দেশনা ৷ নলবাৰী চহৰস্থিত মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয় এতিয়া এইদৰে চলি থকা পৰিলক্ষিত হৈছে ৷ চৰকাৰী নিয়ম অনুসৰি কাৰ্যালয় উপস্থিত হ’ব লাগে ৰাতিপুৱা ৯-৩০ বজাত ৷ কিন্তু দিনৰ ১১ বজালৈ কাৰ্যালয়লৈ নাহে কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰী ৷ সংবাদ মাধ্যমৰ কেমেৰা দেখি হাহাকাৰ লাগিল বিষয়া কৰ্মচাৰীৰ ৷ মুঠ ছয় গৰাকী বিষয়া কৰ্মচাৰী থকা কাৰ্যালয়টোত পাল পাতিহে আহে বিষয়া কৰ্মচাৰী সকল ৷ আনকি দেৰিকৈ অহা কৰ্মচাৰীয়ে সংবাদ মাধ্যমৰ আগত জুৰিলে বিভিন্ন অযুহাত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.