বিজেপিক ভোট দিয়াৰ আহ্বান দেৱলাল গাৰ্লোচাৰ

By

Published : Mar 20, 2021, 6:24 PM IST

thumbnail

কংগ্ৰেছ আৰু এআইডিইউএফক ভোট দিয়া মানেই ডিমা হাছাওৰ সমাজৰ বিপক্ষে আৰু ষষ্ঠ অনুসূচীৰ বিৰুদ্ধে ভোট দিয়া ৷ অসম তথা ডিমা হাছাওক ৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছ, এআইডিইউএফক ভোট নিদি বিজেপিক ভোট দিয়াৰ আহ্বান উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যনিৰ্বাহক সদস্য দেৱলাল গাৰ্লচাৰ ৷ ডিমা হাছাওৰ দিয়ুংমুখত হাফলং সমষ্টিৰ বিজেপি প্ৰাৰ্থী নন্দিতা গার্লোচাৰ হৈ এক নিৰ্বাচনী জনসভাত অংশ লৈ গাৰ্লোচাই মন্তব্য কৰে যে, "নিৰ্মল আৰু আজমলক ভোট দিলে কি হ'ব একেবাৰ ভাবি চাওক ৷ এআইডিইউএফক ভোট দিলে ডিমা হাছাওৰ ফাউণ্ডাৰ আজমল হ'ব" ৷ এইবাৰৰ নিৰ্বাচনৰ ইছ্যু উন্নয়ন হ'ব বুলি মন্তব্য কৰি গাৰ্লোচাই কয় যে, তেওঁৰ বিশ্বাস আছে যে, অসম আৰু ডিমা হাছাওৰ ৰাইজে বিজেপিক ভোট প্ৰদান কৰিব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.