শিৱসাগৰত জনজাতিকৰণৰ দাবীত আটাছুৰ প্ৰতিবাদ

By

Published : Oct 5, 2021, 6:57 PM IST

thumbnail

সদৌ টাই আহোম ছাত্ৰ সন্থা (আটাছু)শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ দাবীত মঙলবাৰে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুইঘন্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদকাৰী টাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বই সদৰী কৰে যে, টাই আহোম ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা আহোম জনগোষ্ঠীটোৰ জনজাতিকৰণৰ ক্ষেত্ৰত বলিষ্ঠ প্ৰদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰি কয় যে, স্বাধীনতাৰ 72 বছৰৰ পাছতো আজি পৰ্যন্ত কোনো এখন চৰকাৰে টাই আহোম জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্যদা প্ৰদান নকৰিলে ৷ সকলোৱে কেৱল ৰাজনীতি কৰি অহাৰ হে অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ৷ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে ৷ লগতে অতি শীঘ্ৰে জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰিবলৈ দাবী জনায় অন্যথা অনাগত দিনত সংগঠনটোৱে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি চৰকাৰক সকিয়াই দিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.