বৰঝাৰ বিমান বন্দৰ: শিৱসাগৰত আদানীৰ নিৰ্দেশনাক সমালোচনা

By

Published : Nov 11, 2021, 6:02 PM IST

thumbnail

বৰঝাৰত আদানী গ্ৰুপৰ অধীনস্থ কোম্পানীয়ে জাৰি কৰা নিৰ্দেশনাৰ পাছতে জাঙুৰ খাই উঠিছে শিৱসাগৰৰ দল সংগঠন । শিৱসাগৰৰ বিভিন্ন দল সংগঠনৰ নেতৃত্বই 'প্ৰণাম' নামৰ প্ৰতিষ্ঠানটোৰ জৰিয়তে বিমান বন্দৰত কৰ্মৰত মহিলা যুৱতী কৰ্মচাৰীৰ বাবে তালিবানী নিৰ্দেশ জাৰি কৰা হৈছে বুলি মন্তব্য কৰে । তেওঁলোকে অসমৰ মহিলাৰ স্বাভিমান আৰু স্বাধীনতাৰ ওপৰত কোনো বহিৰাগত পুঁজিপতি বনিক গোষ্ঠীয়ে হস্তক্ষেপ কৰিলে তেনে পুঁজিপতি বনিক গোষ্ঠী বন্ধ কৰি দিয়াৰ ক্ষেত্ৰত সংগঠনকেইটাই কুন্ঠাবোধ নকৰে বুলি উল্লেখ কৰে ৷ লগতে বহিৰাগত পুঁজিপতি গোষ্ঠীয়ে চুটি কাপোৰ বাধ্যতামূলক কৰাৰ জৰিয়তে অসমীয়া মহিলা আৰু যুৱকক চাকৰিৰ পৰা উলিওৱাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.