নলবাৰীত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান

By

Published : Nov 27, 2021, 2:14 PM IST

thumbnail

শুকুৰবাৰে নলবাৰীত আছুৱে বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে (AASU feliciataion program in Nalbari) ৷ ক’ভিড মহামাৰীৰ বাবে বিগত দুটা বছৰত শিক্ষাৰ ক্ষেত্ৰখনত যথেষ্ট সাল-সলনি হৈছে ৷ পৰীক্ষা আৰু ৰিজাল্ট মূল্যায়নৰ ক্ষেত্ৰত নতুন নিয়ম সংযোজন হৈছে (new marking system in results) ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল সমূহৰ ক্ষেত্ৰত চৰকাৰে নতুন পদ্ধতিৰে মূল্যাংকণৰ কথা ঘোষণা কৰে (new marking system in HS and HSLC) ৷ এই মূল্যাংকণ পদ্ধতিত ভাল ফলাফল দেখুওৱালৈ সক্ষম হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 100 গৰাকী আৰু উচ্চতৰ মাধ্যমিকৰ 100 গৰাকীকৈ কৃতী ছাত্ৰ-ছাত্ৰীক সদৌ অসম ছাত্ৰ সন্থা তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত লোৱা হৈছিল ৷ সেইমৰ্মে নলবাৰী জিলাৰ আৰ ডি জৈন বিদ্যালয়, লিটিল ফ্লাৱাৰ স্কুল, অসম একাডেমিকে ধৰি 14 খন বিদ্যালয়ৰ 14 গৰাকীকৈ কৃতী শিক্ষাৰ্থীৰ মাজৰ পৰা 4 গৰাকীক শুকুৰবাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ শিক্ষাৰ্থীসকলৰ লগতে সংশ্লিষ্ট বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীকো ছাত্ৰ সন্থাই সম্বৰ্ধনা জনায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.