হাফলঙৰ আছাম ৰাইফলছ খেলপথাৰত 75 সংখ্যক স্বাধীনতা দিৱস উদযাপন

By

Published : Aug 15, 2021, 9:35 PM IST

thumbnail

সমগ্ৰ দেশৰ লগতে অসমৰ অন্যতম পাহাৰীয়া জিলা সদৰ হাফলঙতো উলহ-মালহেৰে উদযাপন কৰা হয় 75 সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস বৰ্জন কৰি পৃথক হিড়িম্বা ৰাজ্য গঠনৰ দাবীত ডিমাচা নেচনেল লিবাৰেচন আৰ্মি উগ্ৰপন্থী সংগঠনে আহ্বান কৰা 36 ঘণ্টীয়া বন্ধক নেওচি জিলাখনত আনন্দ উল্লাসেৰে উদযাপন কৰা হয় স্বাধীনতা দিৱস ৷ জিলা প্ৰশাসনৰ উদ্যোগত সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি হাফলং আছাম ৰাইফলছ খেল পথাৰত উদযাপন কৰা হয় 75 সংখ্যক স্বাধীনতা দিৱস ৷ পুৱা 9 টা বজাত হাফলং অসম ৰাইফলছ খেলপথাৰত জাতীয় পতাকা উত্তোলন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই ৷ স্বাধীনতা দিৱসৰ দিনটোত পুৱাই হাফলং চহৰত থকা স্বাধীনতা সংগ্ৰামী ৰাণী গাইদালো আৰু বীৰ শম্ভুধন ফংলৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে দেৱলাল গাৰ্লোচাই ৷ ইয়াৰ পিচতে হাফলং চহৰত স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ এক প্ৰতিমূৰ্তি নিৰ্মাণ স্থলীত আধাৰশিলা স্থাপন কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.