Microfinance loan relief: মাইক্ৰ’ফাইনেন্সৰ ঋণৰ কিস্তি ৰেহাই দিয়াৰ দাবীত চচলত মহিলাৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 4:00 PM IST

thumbnail

গুৱাহাটী,১৯ ছেপ্টেম্বৰ: জাগৃত নাৰী শক্তি সমিতি আৰু লখিমপুৰ- ধেমাজি জিলা সমিতিৰ যৌথ উদ্যোগত মহানগৰীৰ চচলত মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিয়া আৰু NOC প্ৰদান কৰাৰ দাবীত মঙলবাৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । লখিমপুৰ-ধেমাজিৰ প্ৰায় শতাধিক মহিলাই মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ নামত মুখ্যমন্ত্ৰীৰ ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে বিভিন্ন শ্লগানেৰে সাব্যস্ত কৰে প্ৰতিবাদ । 

প্ৰতিবাদী মহিলাসকলে সংবাদ মাধ্যমৰ আগত কয় যে নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰীয়ে মহিলাসকলৰ মাইক্ৰ’ফাইনেন্সৰ ঋণ সম্পূৰ্ণ ৰূপে ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । বৰ্তমানলৈ ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি ৰক্ষা দি পৰৱৰ্তী সময়ত ৰক্ষা নকৰাত এতিয়া ক্ষোভিত হৈ পৰিছে মহিলাসকল । 

প্ৰতিবাদী মহিলাসকলে লগতে কয় মাইক্ৰ’ফাইনেন্সৰ ঋণৰ কিস্তি দিব নোৱাৰি ইতিমধ্যে কেইবাগৰাকীও মহিলাই আত্মহত্যা কৰিছে । প্ৰতিবাদস্থলীৰ পৰা মহিলাসকলৰ মুখ্যমন্ত্ৰীলৈ আহ্বান, ‘‘আমাৰ ঋণ ৰেহাই দি NOC প্ৰদান কৰক নহ’লে ঋণ পৰিশোধ কৰিব নোৱাৰোঁ বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰক ।’’

লগতে পঢ়ক: Singapore Fellowship to Assam CM: মুখ্যমন্ত্ৰীক সন্মান দিব নালাগে বুলি ছিংগাপুৰলৈ পত্ৰ ভূপেন বৰাৰ !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.