কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত, নিশা তিনিটাকৈ বাসগৃহ ভাঙিলে বন্যহস্তীয়ে

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 5:49 PM IST

thumbnail

কলিয়াবৰ, 13 জানুৱাৰী : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো বন‍্যহস্তীৰ উপদ্ৰৱ অব‍্যাহত আছে ৷ মহকুমাটোৰ একাংশ অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱৰ বাবে উজাগৰী নিশা কটাবলগীয়া হৈছে ৰাইজে ৷ বিগত কেইবাদিনো ধৰি কলিয়াবৰৰ নাহৰচুকত বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে ৷ 

শুকুৰবাৰে শেষ নিশা প্ৰায় দুইমান বজাত অঞ্চলটোৰ তিনিটা পৰিয়ালৰ বাসগৃহ ভঙাৰ লগতে ভঁৰাল অনিষ্ট কৰে বন্যহস্তীয়ে ৷ ভুক্তভোগীয়ে জনোৱা মতে, খবৰ দিয়াৰ পাচতো ঘটনাস্থলীত বন বিভাগৰ লোক আহি নাপালেহি । বন বিভাগৰ লোকে উপস্থিত নোহোৱাৰ বাবে বন্যস্তীয়ে ভঁৰাল আৰু ঘৰ ভাঙিলে বুলি অভিযোগ উত্থাপন কৰে ৰাইজে ৷

উল্লেখ্য যে, নিশা হ’লে বনৰীয়া হাতীৰ উপদ্ৰৱত ত্ৰস্তমান হৈ পৰে গাঁওবাসী ৷ এইক্ষেত্ৰত সুৰক্ষা দিয়াত বিফল হৈছে ৰাজ্যৰ বন বিভাগ। ইফালে উদং পথাৰৰ বাবে খাদ্যৰ সন্ধানত বন্যহস্তীয়ে জনাঞ্চলত প্ৰৱেশ কৰিছে বুলি স্থানীয় লোকে জানিবলৈ দিছে ৷ 

লগতে পঢ়ক : নগাঁৱত আৰক্ষীৰ পৰিত্যক্ত গ্ৰেণেড বিস্ফোৰণত আহত চাৰি কিশোৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.