ৰঙিয়াৰ ৰাজপথত দাউদাউকৈ জ্বলি উঠিল বাহন, কথমপি প্ৰাণৰক্ষা শিশুসহ 6 জনৰ

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 2:31 PM IST

thumbnail

ৰঙিয়া, 10 ডিচেম্বৰ : 27 নং ৰাষ্ট্ৰীয় ঘাইপথত হঠাৎ দাউদাউকৈ জ্বলি উঠিল এখন বাহন ৷ দেওবাৰে পুৱা কামৰূপ-নলবাৰী সীমান্তৰ ৰঙিয়াৰ নোনাপাৰত সংঘটিত হয় এই ঘটনা ৷ ফলত শিশুসহ কথমপি প্ৰাণৰক্ষা পৰে 6 জনকৈ লোকৰ ৷ ঘটনা বিৱৰণি অনুসৰি, দেওবাৰে পুৱাৰ ভাগতে AS 06 AD 0565 নম্বৰ বাহনখনেৰে গুৱাহাটীত বিয়া খাই বৰপেটা দিশে গৈ আছিল এটি পৰিয়াল ৷ তেনে সময়তে ৰঙিয়াৰ নোনা নৈৰ সমীপতে চাৰিচকীয়া বাহনখনৰ হঠাৎ ষ্টাৰ্ড বন্ধ হৈ পৰে ৷ তাৰ পাচতে দাউদাউকৈ জ্বলি উঠে চাৰিচকীয়া বাহনখন ৷

ইফালে বাহনখনৰ ভিতৰত থকা চাৰি বছৰীয়া দুগৰাকী কণমানি শিশু, দুগৰাকী মহিলা আৰু দুজন যুৱকে কোনোমতে বাহনখনৰ ভিতৰৰ পৰা ওলাই যাবলৈ সক্ষম হয় ৷ পৰৱৰ্তী সময়ত কেইজনমান যুৱকে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয় ৷ আনহাতে, ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷ বাহনখনৰ যান্ত্ৰিক বিজুতি হোৱাৰ বাবে জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে ৷

লগতে পঢ়ক : আচিক আলীৰ পৰিয়ালক এঘৰীয়া কৰা সন্দৰ্ভত গাঁৱৰ সভাপতিৰ স্পষ্টীকৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.